অসমবাসীৰ বাবে এটা ভাল খবৰ

ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ।
টীম ইণ্ডিয়াৰ ছিনিয়ৰ মহিলা ক্ৰিকেট দলৰ ফিল্ডিং প্ৰশিক্ষকৰ দায়িত্ব লাভ কৰিছে এগৰাকী অসম সন্তানে।
বৰ্তমানৰ IPL দিল্লী কেপিটেল দলৰ ফিল্ডিং প্ৰশিক্ষক শুভদ্বীপ ঘোষে লাভ কৰিছে এই দায়িত্ব। ২০২১চনৰ ২৯ ছেপ্টেম্বৰৰ পৰা ১৩ অক্টোবৰলৈ অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাব আৰু টীম ইণ্ডিয়াৰ মহিলা দলটোৰ ফিল্ডিং প্ৰশিক্ষকৰ দায়িত্বত থাকিব শুভদ্বীপ।
অসমৰ হৈ ৰঞ্জী ট্ৰফী অভিষেক ঘটোৱা শুভদ্বীপ ঘোষে ১৭খন খেলত অংশ লৈ ৩১৬ ৰান সংগ্ৰহ কৰিছিল। আৰু য’ত আছিল দুটা অৰ্ধশতৰানৰ ইনিংছ।
ডিগবৈত জন্মলাভ কৰিছিল শুভদ্বীপ ঘোষে। বৰ্তমান ভাল ফিল্ডিং প্ৰশিক্ষক হিচাপে যথেষ্ট সমাদৰ আছে ডিগবৈৰ শুভদ্বীপ ঘোষৰ ।

Leave a Comment