‘অৰুদ্বীপ’ নাম কিয় পালে পৱনদ্বীপ অৰুণিতাই

ইণ্ডিয়ান আইডল ১২ সমাপ্ত হৈছে যদিও অৰুণিতা আৰু পৱনদীপৰ প্ৰেমৰ কাহিনী শেষ হোৱা নাই। শেহতীয়াকৈ ইণ্ডিয়ান আইডল ১২ৰ আন এজন ফাইনেলিষ্ট মহম্মদ ডানিছে এক সাক্ষাৎকাৰত কৈছিল যে পৱনে অৰুণিতাৰ সৈতে একেলগে একেটা বিল্ডিঙত পৃথককৈ ফ্লেট লোৱাৰ পৰিকল্পনা কৰিছে আৰু তেতিয়াৰ পৰায়ে সেই বিবৃতিটো ভাইৰেল হৈ পৰিছে।

সংবাদ মাধ্যমৰ দ্বাৰা এই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত পৱনদীপে কয় যে অৰুণিতাই ইতিমধ্যে মুম্বাইত বাস কৰিবলৈ লৈছে আৰু তেওঁৰো মুম্বাইত ফ্লেট লোৱাৰ কথা । কিন্তু তেওঁলোকৰ অনুৰাগী সকলে এতিয়া এই ‘বন্ধুত্ব’ক এটা নতুন নাম দিলে আৰু সেয়া হৈছে ‘অৰুদ্বীপ’।

ডানিছৰ মতে ‘অৰুদ্বীপ’ৰ আঠ মাহৰ বন্ধুত্ব ইমানেই গভীৰ হৈছে যে এতিয়া তেওঁলোক দুয়ো ইজনে সিজনক এৰি যোৱাৰ কল্পনা কৰিব পৰা নাই। তেওঁ লগতে কৈছিল ট্ৰফী জয় কৰাৰ পিছত, পৱনদীপে পোৱা গাড়ীখনত অৰুণিতাকে ধৰি ইণ্ডিয়ান আইডলৰ সকলো বন্ধুৰ সৈতে লং ড্ৰাইভত কেদাৰনাথলৈ যাব।

Leave a Comment