উত্তপ্ত পাঞ্জশিৰৰ ইতিহাস সেউজীয়া উপত্যকা আজি অশান্ত।

    1. আগানিস্তানত তলিবানৰ দ্ৰুতগতিত ক্ষমতা দখলৰ পাছত এতিয়া তালিবানৰ চকু পাঞ্জশিৰ উপত্যকাত। ৰাজধানী কাবুলৰ পৰা ১২৫ কিলোমিটাৰ উত্তৰ পূবত অৱস্থিত পাঞ্জশিৰ ।পাঞ্জশিৰ আক্ষৰিক ভাবে ‘পাঁচটা সিংহ ‘।যাক পঞ্জশ্বেৰ বা পাঞ্জাচিৰ বুলিও কোৱা হয়।দশম শতিকাত ৫ জন ভাতৃয়ে উপত্যকাটোত ৰজা মাহমুদ গজনীৰ বাবে এটা বান্ধ নিৰ্মাণ কৰে যাতে বানপানীৰ পৰা ক্ষতি নহয় । সেয়েহে ইয়াক 5টা সিংহৰ উপত্যকা বুলিও নামাকৰণ কৰা হৈছিল।
      এই উপতক্যাটো হিন্দু পৰ্বত মালাই আগুৰি আছে। ১,৫০,০০০ জন তাজিক জনগোষ্ঠীৰ লোক বাস কৰে অঞ্চলটোত। প্ৰদেশখনত সাতখন জিলাত বিভক্ত আৰু আছে ৫১২ গাঁও প্ৰতিখন প্ৰদেশত কেইবাখনো জিলা বা সাধাৰণতে 1000 অধিক গাঁও অন্তৰ্ভূক্ত। 2001 চনৰ পৰা 2021 চনলৈ নাটো সমৰ্থিত চৰকাৰ ৰ সময়ত পাঞ্জসিৰ উপত্যকা।
      দেশৰ আটাইতকৈ সুৰক্ষিত অঞ্চল সমূহৰ ভিতৰত আছিল । উপত্যকাৰ স্বাধীনৰ এই ইতিহাস আফগানিস্তানৰ আটাইতকৈ বিখ্যাত তালিবানৰ বিৰোধী যুঁজাৰু আহমেদ শ্বাহ মাসুদৰ নাম জঢ়িত হৈ আছে।
      ১৯৮৯ চনৰ ছোভিয়েট ইউনিয়নৰ প্ৰত্যাহাৰৰ পাছত আফানিস্তানত গৃহ যুদ্ধ আৰম্ভ হয় য’ত তালিবানৰ বিজয় হৈছিল। অৱশ্যে মাসুদ আৰু তেওঁৰ ইউনাইটেড ফ্ৰন্ট ( নদাৰ্ণ এলায়েন্স ) কেৱল পাঞ্জশিৰ উপতক্যাই নহয় উত্তৰপূবৰ আফগানিস্তানৰ প্ৰায় সকলোবোৰ চীন আৰু তাজাকিস্তান ৰ সীমান্ত লৈকে নিয়ন্ত্ৰন কৰাত সফল হৈছিল। আৰু অঞ্চলটো তালিবানৰ পৰা সুৰক্ষিত কৰিছিল। 2001 চনত সন্দেহযুক্ত অল কায়েদা উগ্ৰপন্থী য়ে হত্যা কৰে। ইয়াৰ পাছতে এতিয়া আহমদ শ্বাহ মাসুদে পিতৃ ৰ পদাংক অনুকৰণ কৰিছে বুলি অনুমান কৰিব পৰি।

Leave a Comment