কাইলৈ বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা।

কাইলৈ বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা।
ভাল দিন ঘূৰি আহিছে ।

বিশ্বকৰ্মাৰ পূজাৰ বাবে এতিয়া ব্যস্ত হৈ পৰিছে মৃৎ শিল্পী সকল।

বিশ্বকৰ্মা পূজাৰ বাবে প্ৰতিমূৰ্তি বনাইছে মৃৎশিল্পীসকলে। ৰাজ্যজুৰি দেখা গৈছে উখল-মাখল পৰিৱেশ। মৃৎশিল্পীসকলে বনোৱা বিশ্বকৰ্মা প্ৰতিমূৰ্তি মহানগৰীৰ বজাৰ-সমাৰত ক্ৰয় কৰিছে গ্ৰাহকে। বিশ্ব কৰ্মা পূজা অনুষ্ঠিত হোৱা নোহোৱাকলৈ অনিশ্চিয়তাত আছিল ৰাজ্যবাসীক। কিন্তু চৰকাৰে নতুন SOP ঘোষণাৰ পাছতেই এতিয়া সকলো ৰাজু হৈছে পূজাৰ বাবে। প্ৰতিমূৰ্তি ক্ৰয় কৰিলে বহু গ্ৰাহকে।

কেৱল প্ৰতিমূৰ্তিয়েই নহয় পূজাৰ আনবোৰ সামগ্ৰীও বিক্ৰী হৈছে বজাৰসমূহত। মৃৎশিল্পীসকলৰ মতে, যোৱা বৰ্ষত ব্যৱসায় বেয়া আছিল যদিও এইবাৰ পূৰ্বৰ বছৰৰ তুলনাত কিছু বেছি প্ৰতিমূৰ্তিৰ অৰ্ডাৰ আহিছে আৰু পূৰ্ণ উদ্যমেৰে কামত আগবাঢ়িছে মৃৎ শিল্পী সকল। আশা কৰিছে যে লাহে লাহে সকলো পৰিৱেশ-পৰিস্থিতি ভাল হ’ব। কোভিড সৃষ্ট পৰিস্থিতিৰ বাবে বহু লোকচানৰ সন্মুখীন হৈছিল মৃৎশিল্পীসকল। কিন্তু এইবাৰ এই শিল্পীসকলে কিছু লাভৰ আশা কৰিছে।

Leave a Comment