গুৱাহাটী মহানগৰীত ভয়ংকৰ ঘটনা

গুৱাহাটী মহানগৰীৰ ধীৰেনপাৰাত নৃশংস ঘটনা।
মদ খাবলৈ টকা নিদিয়াৰ বাবেই মদ আৰু পেট্ৰ’ল ঢালি জ্বলাই দিলে এজনক।

আমজাদ আলী নামৰ এজন যুৱকজনক জ্বলাই দিয়ে উৎপল বড়ো নামৰ এজন লোকে।
আমজাদ আলী নামৰ এজন যুৱকৰ পৰা মদ খাবলৈ পইচা খুলিছিল উৎপল বড়ো ওৰফে ঢেপা নামৰ এজন যুৱকে।

কিন্তু আমজাদে পইচা দিবলৈ অমান্তি হোৱাত বড়োৱে পেট্ৰল ঢালি জ্বলাই দিয়ে আৰু পলায়ন কৰে।

ফটাশিল আৰক্ষীয়ে উদ্ধাৰ কৰি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰাইছে আমজাদ আলীক সম্প্ৰতি হাস্পতালত সংকট জনক অৱস্থাত আছে আমজাদ আলী ।

Leave a Comment