চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ!

প্ৰতিমাহৰ দৰমহা বাঢ়িল ৪,৫০০ টকাকৈ

কেন্দ্ৰীয় চৰকাৰে Dearness Allowance, Dearness Relief দিয়াৰ পিছত আন এটা সুখবৰ দিলে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বাবে। আচলতে লাখ লাখ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীয়ে কোভিড পৰিস্থিতিৰ বাবে সন্তানৰ শিক্ষাৰ বাবে দিয়া ভাত্তা (CEA) ক্লেইম কৰিব পৰা নাছিলষ। এইবাৰ এই বিষয়ৰ বাবে কোনো শ্লিপ বা ৰছিদ জমা দিব নালাগেষ। সপ্তম দৰমহা আয়োগ অনুসৰি তেওঁলোকে শিশু শিক্ষাৰ বাবে ২,২৫০ টকা এডুকেচন এলাউঞ্চ পাব।

কোভিড–১৯ লকডাউনৰ বাবে বহু সংখ্যক চৰকাৰী কৰ্মচাৰীয়ে এডুকেচন এলাউঞ্চ ক্লেইম কৰিব পৰা নাছিল। কেন্দ্ৰীয় চৰকাৰে এই ক্লেইম কৰাৰ বাবে ডাঙৰ স্বস্তি দিছে। ২৫ লাখ কৰ্মচাৰীয়ে নিজেই নিজৰ ক্লেইম চাৰ্টিফাই কৰিব পাৰিব। DoPT–এ এইবাৰ এক বিজ্ঞপ্তি জাৰি কৰি কেন্দ্ৰীয় কৰ্মচাৰীসকলক এই ভাল খবৰ দিছে। অফিচিয়েল বিজ্ঞপ্তিত কোৱা হৈছে, এই বিষয়টোক লৈ চিন্তা–চৰ্চা কৰাৰ পিছত ছেল্ফ চাৰ্টিফিকেচনৰ অনুমতি দিয়া হৈছে। এই একাডেমিক ছেছন মাৰ্চ ২০২০ৰ পৰা মাৰ্চ ২০২১লৈ হ’ব।

এডুকেচন এলাউঞ্চ ক্লেইম সম্পৰ্কীয় কৰ্মচাৰীসকলে ছেল্ফ চাৰ্টিফাইডৰ উপৰি ফলাফল, ৰিপ’ৰ্ট কাৰ্ড, ফী পেমেণ্ট, ই–মেইল, এছএমএছৰ প্ৰিণ্টআউটৰ দ্বাৰাও এই ক্লেইম কৰিব পাৰিব।

কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলে দুটা শিশুৰ বাবে এই খৰচ লাভ কৰে। প্ৰতিটো শিশুৰ হিচাপত ২,২৫০ টকাকৈ পোৱা যাব। সহজ শব্দত দুটি সন্তান থাকিলে চৰকাৰী কৰ্মচাৰীয়ে মাহত অতিৰিক্ত ৪৫০০ টকাকৈ বেতন লাভ কৰিব। যদি চৰকাৰী কৰ্মচাৰীসকলে এতিয়াও ২০২০–২১ শিক্ষা বৰ্ষৰ বাবে টকা ক্লেইম কৰা নাই তেন্তে এতিয়া ক্লেইম কৰি ৪৫০০ টকাকৈ প্ৰতিমাহত লাভ কৰিব পাৰিব।

Leave a Comment