ছচিয়েল মিডিয়াত ভাইৰেল এটা ভিদিঅ’

ছচিয়েল মিডিয়াত ভাইৰেল এটা ভিদিঅ’ । আৰু সেই ভিদিঅটোত
আছে এটা গুলপীয়া ৰঙৰ ডলফিন।
কিন্তু এনে ৰঙৰ ডলফিন দেখাৰ সৌভাগ্য বেছিসংখ্যক লোকৰে নাই। অলপতে এনে এটা গুলপীয়া ৰঙৰ ডলফিনৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে।অতি বিৰল গুলপীয়া ডলফিন সাধাৰণতে আমাজন নদীত পোৱা যায়।ব্ৰাজিল,
ইকুৱেডৰ, বলিভিয়া, কলম্বিয়া, , গায়ানা, পেৰু আৰু ভেনিজুৱেলাৰ দৰে কেইবাখনো দেশত আমাজন আৰু অৰিনোকো নদীৰ অৱবাহিকাত ইয়াক অৱশ্য দেখিবলৈ পোৱা যায়। ইণ্টাৰনেচনেল ইউনিয়ন ফৰ কনজাৰভেচন অৱ নেচাৰৰ দ্বাৰা এই ডলফিনক অতি সংবেদনশীল বুলি চিহ্নিত কৰা হৈছে।

Leave a Comment