জীৱন মৃত্যুয়ে যুঁজিছে নন্দিতা শইকীয়াই

ডিব্রুগড ব্রহ্মপুত্র নার্ছিং হোমত অতি সংকটজনক অৱস্থাত জীৱন মৃত্যুয়ে যুঁজিছে ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্রী নন্দিতা শইকীয়াই৷ ৷

ধেমাজিৰ মৰিধল মহাবিদ্যালয়খনৰ এগৰাকী কর্মচাৰী ৰিণ্টু শর্মাৰ দাৰ ঘাপত মূৰত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈ ডিব্রুগড ব্রহ্মপুত্র নার্ছিংহোমৰ ভেণ্টিলেটৰত সংকটজনক অৱস্থাত আছে নন্দিতা শইকীয়া নামৰ ছাত্রীগৰাকী৷

ছাত্রীগৰাকীক সুস্থ কৰি তুলিবলৈ আপ্রাণ চেষ্টা চলাইছে চিকিৎসকে ৷বর্তমানেও অচেতন অৱস্থাতে আছে নন্দিতা৷ প্রচুৰ ৰক্তক্ষৰণৰ হৈছিল নন্দিতাৰ সেইয়ে ছাত্রীগৰাকীক দিবলগীয়া হৈছে যথেষ্ট পৰিমাণৰ তেজ৷

Leave a Comment