জুবিন-গৰিমাৰ মিলনৰ ২৫ বছৰ !

 

যাৰ গান আৰু সুৰৰ উপজীৱ্য প্ৰেম, সেই জুবিন গাৰ্গৰ প্ৰেমৰ জীৱনৰ আজি ২৫ বছৰ সম্পূৰ্ণ হ’ল। অসমৰ জনপ্ৰিয় গায়ক জুবিন গাৰ্গ আৰু পত্নী গৰিমা শইকীয়া গাৰ্গে উদযাপন কৰিছে মিলনৰ এই ২৫ বছৰ। অসমৰ আটাইতকৈ সুন্দৰ দম্পতী জুবিন-গৰিমাৰ এই শুভ দিনত ৰাজ্যবাসীয়ে শুভেচ্ছাৰে উপচাই তুলিছে।

পিছে বিবাহ বাৰ্ষিকী নহয়, জুবিন-গৰিমাই ইজনে সিজনক লগ পোৱাৰ, অবিনশ্বৰ প্ৰেমৰ বান্ধোনত বান্ধ খোৱাৰ আজি ২৫ বছৰ হ’ল। এই কথা ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে গৰিমা শইকীয়া গাৰ্গে।

পোষ্টত গৰিমাই লিখিছে, “আমি লগ পোৱাৰ এই যাত্ৰা…২৫ বছৰ একেলগে আৰু অবিৰত”

Leave a Comment