দেশত উদ্ভাৱন হ’ল প্ৰদূষণ নিষ্কাশন কাপোৰ ।

IIT দিল্লীৰ এটি গৱেষণা দলে প্ৰস্তুত কৰি উলিয়াইছে এক বিশেষ কপাহৰ কাপোৰ ।

এই কাপোৰে বতাহত থকা ক্ষতিকাৰক আৰু প্ৰদূষিত কণিকাবোৰ শোষণ কৰিবলৈ সক্ষম হ’ব।

গৱেষণা অধ্যাপক অশ্বিনী কে আগৰৱাল, অধ্যাপক শাশ্বত ভট্টাচাৰ্য পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক মনজিৎ জাচলৰ নেতৃত্বত সম্পন্ন কৰা হৈছে।

এই বিশেষ ৰূপান্তৰিত কাপোৰৰ বিষয়ে অধ্যাপক অশ্বিনী আগৰৱালে কয় যে- “এই কপাহৰ কাপোৰ দ্ৰুতগতিত আৰু অতি সহজে অনুকূল পৰিৱেশৰ ভিতৰত থকা প্ৰদূষিত বায়ু নিষ্কাশন কৰিবলৈ যথেষ্ট ক্ষমতাশালী। প্ৰদূষিত বায়ু নিষ্কাশন কৰাৰ বাবে এই কাপোৰবোৰ গৃহসজ্জাৰ কামতো ব্যৱহাৰ কৰিব পাৰি। বিশেষকৈ, ঘৰ,থিয়েটাৰ কাৰ্যালয়, বিমানবন্দৰ আৰু অন্যান্য পৰিবহন বাহনতো এই বিধ কাপোৰৰ ব্যৱহাৰ কৰিব পাৰি।

Leave a Comment