নিম পাতৰ ঔষধি গুণ আৰু উপকাৰিতা !

স্বাস্থ্যৰ বাবে উপকাৰী আৰু বিবিধ গুণেৰে সমৃদ্ধ নিমপাত । বহু ৰোগ নিৰাময় বাবে ব্যৱহাৰ কৰা হয় নিমপাত ।
জানো আহক কেইটামান নিম পাতৰ উপকাৰিতা –
১. নিমপাতে বসন্ত ৰোগ প্রতিৰোধ কৰিব পাৰে ।
নিমৰ কোমল পাতৰ গুড়ি গৰম পানীত মিহলাই খালে বসন্ত ৰোগ বা অন্যান্য ৰোগ প্রতিৰোধ হয়।
২.বহুমূত্র আৰু জণ্ডিছ ৰোগত নিমপাতৰ ৰস খালে বা নিমপাতৰ আঞ্জা খালে সুফল পোৱা যায়।
৩.মহানিমৰ পাত সিজাই সেই পানীৰে মূৰ ধূলে উফি নাইকিয়া হয়, চুলি ভাল হোৱাৰ লগতে মূৰৰ ছালৰ ৰোগ নিৰাময় হয়।
৪.নিমৰ ফুল বা কোমল পাত ভাজি খালে কুকুৰিকণা ৰোগ ভাল হয়।
৫.খৰ-খজুৱটি, ছালৰ বিভিন্ন ৰোগত মহানিম গৰম পানীত সিজাই গা ধুলে ৰোগৰ পৰা প্রৰিত্রাণ পোৱা যায়।

Leave a Comment