নিয়তিৰ ওচৰত হাৰ মানিলে ধেমাজিৰ নন্দিতা শইকীয়াই।

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে ধেমাজিৰ নন্দিতা শইকীয়াই।

দাৰ ঘাপত গুৰুতৰ ভাবে আহত হৈছিল মৰিধল কলেজৰ ছাত্ৰীগৰাকী।

ডিব্ৰুগড়ৰ এখন ব্যক্তিগত হাস্পতালত চিকিত্‍সাধীন হৈ আছিল ছাত্ৰীগৰাকী।

কিছুদিন পূৰ্বে ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্রী নন্দিতা শইকীয়া, তেওঁৰ সহপাঠী কস্মিতা দত্ত আৰু কস্মিতাৰ পিতৃ দেৱ দত্তক ধেমাজি চহৰৰ মাজমজিয়াত আক্ৰমণ কৰিছিল মহাবিদ্যালয়খনৰে লাইব্ৰেৰীৰ বিয়েৰাৰ শৰ্মাই।

নন্দিতাৰ ঘৰ ঢকুৱাখনা কাঠৰবাৰী গাঁৱত। মৰিধল মহাবিদ্যালয়ৰ স্নাতক পঞ্চম ষাণ্মাসিকৰ ছাত্রী আছিল নন্দিতা।

প্রেমজনিত কাৰণতে আক্রমণৰ সন্দেহ প্রকাশ কৰা হৈছে৷ প্রেমত প্রতাৰিত হৈ ৰিণ্টু শর্মাই ধেমাজিৰ ৰাজপথ ৰক্তাক্ত কৰা এনে শিহৰণকাৰী কাণ্ড সংঘটিত কৰা বুলি সর্বত্র চর্চা লাভ কৰিছে৷
বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ঘাটক ৰণ্টু শৰ্মাক।

Leave a Comment