ফেৰি দুৰ্ঘটনাত সন্ধানহীন ব্যক্তি বিচাৰি বিধায়ক প্ৰমোদ বৰঠাকুৰৰ অভিযান

মাজুলীৰ নিমাতী ঘাটৰ ফেৰি দুৰ্ঘটনাত সন্ধানহীন ব্যক্তিৰ সন্ধান বিচাৰি বিশ্বনাথত ব্ৰহ্মপুত্ৰৰ বুকুত অভিযান

চলাইছে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে ।
দুৰ্ঘটনাত সন্ধানহীন ব্যক্তিৰ সন্ধান বিচাৰি আজি মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত অভিযান চলাইছে বিশ্বনাথ নদী আৰক্ষীয়ে। এই অভিযানত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰেও নিজে মেচিন নাৱত উঠি অভিযানত সহযোগ আগবঢ়াইছে।

উল্লেখ্য যে মাজুলীৰ নিমাতী ঘাটত যোৱা বুধবাৰে সংঘটিত হোৱা মৰ্মান্টিক ফেৰি দুৰ্ঘটনাত ইতিমধ্যে বহু যাত্ৰী উদ্ধাৰ কৰা হল যদিও আজি পৰ্যন্ত বহুকেইজন লোক লুইতৰ বুকুত সন্ধানহীন হৈ আছে।

যাৰ সন্ধান বিচাৰি ইতিমধ্যে যোৰহাট আৰক্ষী প্ৰশাসন এনডি আৰ এফ,এছ ডি আৰ এফ বাহিনীৰ দলে ব্ৰহ্মপুত্ৰৰ বুকুত অভিযান অব্যাহত ৰাখিছে।

তাৰ সমান্তৰালভাবে আজি পুৱা বিশ্বনাথ ঘাটৰ ছোৱাগুৰীত মাজুলীৰ নিমাতী ঘাটত দুৰ্ঘটনা সংঘটিত হোৱা ফেৰিৰ যাত্ৰী ৰুপৰেখা বৰাৰ বেগ উদ্ধাৰ হোৱাৰ পিছতে এতিয়া বিশ্বনাথতো আৰম্ভ কৰা হৈছে নিমাতী ঘাটৰ দুৰ্ঘটনাত সন্ধানহীন ব্যক্তিৰ সন্ধান বিচাৰি অভিযান।

বিশ্বনাথ ঘাট নদী আৰক্ষীয়ে বিশ্বনাথৰ ব্ৰহ্মপুত্ৰত নিমাতী ঘাটৰ দুৰ্ঘটানত সন্ধানহীন হোৱা লোকৰ সুং সূত্ৰ বিচাৰি অভিযান অব্যাহত ৰখাৰ সময়তে এই অভিযানত যোগ দিয়ে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে।

বিধায়ক প্ৰমোদ বৰঠাকুৰে নিজে এখন মেচিন নাৱত উঠি বিশ্বনাথ ঘাট নদী আৰক্ষীৰ সৈতে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত অভিযান চলাই।ইফালে বিধায়ক গৰাকীয়ে আজি পুৱা ব্ৰহ্মপুত্ৰৰ পৰা উদ্ধাৰ হোৱা বেগটো নিৰীক্ষণ কৰি মাজুলীৰ নিমাতী ঘাটৰ ঘটনা সন্দৰ্ভত দুখ প্ৰকাশ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

Leave a Comment