‘ শ্বেৰশ্বাহ ‘ ত অভিনয় কৰি সুখী নে অভিনেতা ছাহিল বেইদ

১২ আগষ্টত অ’ টি টি প্লেটফৰ্মত মুক্তি পালে বলিউদৰ ছবি ‘শ্বেৰশ্বাহ’

এ ব্যাপক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে সদ্য মুক্তি প্ৰাপ্ত ছবিখনে। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰা আৰু বলিউডৰ বৰ্তমানৰ জনপ্ৰিয় অভিনেত্ৰী কিয়াৰা আদৱানিয়ে । এই ছবিখনত আন এক চৰিত্ৰত অভিনয় কৰিছে অভিনেতা ছাহিল বেইদকে ।
কিন্তু শেহতীয়াকৈ অভিনেতা ছাহিল বেইদে ছবিখনত তেওঁৰ অভিনয়ৰ সিদ্ধান্ত ভুল বুলি বিভিন্ন মাধ্যমত প্ৰকাশ কৰিছে।

ছবিখনত তেওঁ ছবিখনৰ মুখ্য চৰিত্ৰ কেপ্তেইন বিক্ৰম বাত্ৰাৰ বন্ধুৰ চৰিত্ৰ অভিনয় কৰিছে। কিন্তু তেওঁৰ অভিনয়ক লৈ কোনেও চৰ্চা নকৰা কথাত তেওঁ বিভিন্ন সংবাদ মাধ্যমত দুখ প্ৰকাশ কৰিছে ।
কাৰ্গিল যুদ্ধৰ পটভূমিত নিৰ্মিত শ্বেৰশ্বাহ ছবিখনত এগৰাকী সৈন্যৰ ভূমিকাতেই অভিনয় কৰিবলৈ ইচ্ছা আছিল অভিনেতাগৰাকীৰ।

Leave a Comment