সাৱধান হওঁক- আহি আছে কৰ’ণাৰ তৃতীয়টো ঢৌ

দেশত অহা চেপ্তেম্বৰ-অক্টোবৰ মাহৰ ভিতৰত কোভিডৰ তৃতীয় ঢৌৱে দেখা দিব পাৰে । অতি ভয়ংকৰ হ’ব পাৰে এই তৃতীয় ঢৌ ।

ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ এক বিশেষজ্ঞ সমিতিয়ে জানিবলৈ দিয়া অনুসৰি এই তৃতীয় ঢৌৱে বয়স্ক লোকৰ লগতে শিশুসকলকো চুই যাব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাৰ্য্যালয়ত দাখিল কৰা এক প্ৰতিবেদন অনুসৰি দেশত এতিয়ালৈ মুঠ ৭.৫ শতাংশ লোকক ভেকচিন প্ৰদান কৰা হৈছে
যদিহে ভেকচিন প্ৰদান প্ৰক্ৰিয়া পূৰ্ণগতিত আগ নাবাঢ়ে তেন্তে প্ৰত্যেকদিনতে প্ৰায় ছয় লাখকৈ লোক তৃতীয় ঢৌত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে।

Leave a Comment