সৌন্দৰ্য সম্ভাৰত ছালকুঁৱৰী !

ঔষধি গুণ যুক্ত উদ্ভিদ ছালকুঁৱৰী বা এলোভেৰা
কেকটাছ সদৃশ আকাৰৰ পাতৰ এই উদ্ভিদৰ পাতখিলাতে থাকে এবিধ বিজলুৱা ৰস যি আমাৰ বাবে অনেক উপকাৰী।

বহু ৰোগৰ বাবে মহৌষধ ছালকুঁৱৰী। ছালকুঁৱৰী পাতৰ ৰসত প্ৰচুৰ পৰিমানে আইৰণ , পটাছিয়াম ,কেলছিয়াম , মেগনেছিয়াম , ভিটামিন-এ , বি , চি আৰু ফলিক এচিড পোৱা যায়

•নিয়মিয়াকৈ এলোভেৰাৰ ৰস খালে শৰীৰৰ বৰ্জনীয় পদাৰ্থ বাহিৰ কৰাত সহায় কৰে ।

•প্ৰস্ৰাৱৰ সমস্যা থকা সকলে এলোভেৰাৰ ৰস চেনি বা মিচিৰি মিহলাই খালে সুফল লাভ কৰিব ।

•এলোভেৰাৰ ৰস খালে কৃমিৰ সমস্যা দূৰ হয় ।

•চুলি আৰু ছালৰ বাবেও উপকাৰী এলোভেৰা। এলোভেৰাৰ পাতৰ ৰস লগালে চুলি সৰা বন্ধ হয় , উফিৰ সমস্যা দূৰ হয় , চুলি উজ্বল হয়।

•ছালত ওলোৱা ব্ৰণ , ঘামুচি আদিত এলোভেৰাৰ ৰস লগালে সুফল পোৱা যায় ।

Leave a Comment