হালধিৰ উপকাৰীতাৰ বিষয়ে জানো আহক ।

ইতিহাসে ঢুকি নােপােৱা দিনৰে পৰাই ব্যৱহাৰ কৰি অহা হৈছে হালধি বিশেষকৈ ভাৰতীয় খাদ্যসম্ভাৰ প্রস্তুত কৰােতে যিবােৰ মচলা ব্যৱহাৰ কৰা হয় সেইবােৰৰ ভিতৰত অন্যতম হ’ল হালধি। আমি সাধাৰণতে মচলা হিচাপে ব্যৱহাৰ কৰা হালধিৰ আছে বহু উপকাৰিতা । বিগত কেইবা শতিকাৰ ধৰি ইয়াৰ গুণাগুণ সম্পর্কে গৱেষণা চলিছে। হালধিত আছে এন্টি-ভাইৰেল, এন্টি বেক্টেৰিয়েল, এন্টি ফাংগেল আৰু এন্টিপ্রােটো জোৱেল গুণ ।

ইয়াৰ উপৰিও আছে ৰােগ-প্রতিৰােধ আৰু উপশম কৰিব পৰা ক্ষমতা আছে।
জানো আহক হালধিৰ কেইটামান উপকাৰিতাৰ বিষয়ে –

  • চর্মৰােগ প্ৰতিৰােধৰ ক্ষেত্ৰত আছে হালধিৰ গুৰুত্বপূৰ্ণ ভূমিকা
  • হালধি হ’ল এন্টি এজিং বা এন্টিঅক্সিডেন্টগুণসম্পন্ন। সেইবাবে নিয়মীয়াকৈ হালধি ব্যৱহাৰ কৰিলে ব্যৱহাৰকাৰীৰ জীৱনলৈ বার্ধক্য পলমকৈ আহে।
  • চকুৰ তলত কলা পৰাৰ বা ডার্ক চার্কেল পৰা সমস্যাৰ বাবে উপকাৰী হালধিৰ ৰস ।
  • হালধিৰ ৰসে কৃমিৰ সমস্যাৰ দুৰ কৰে• লিভাৰৰ বাবেও উপকাৰী হালধি
  • হালধি অর্শ বা পায়েলছ ৰােগতাে উপকাৰী।
  • হালধিয়ে ৰক্তচাপ নিয়ন্ত্রণ কৰে।
  • গুৰ অথবা চেনীৰে হালধিৰ ৰস নিয়মীয়াকৈ খালে ডিপ্রেচন বা অৱসাদ দুৰ হয় ।

Leave a Comment