PUBG ৰ বাবে মাকৰ একাউণ্টৰ পৰা খৰচ কৰিলে ১০ লাখ টকা

সমগ্ৰ বিশ্বতে শিশুৰ পৰা কিশোৰ যুৱক-যুৱতীলৈ এতিয়া মোবাইল গেমৰ গ্ৰাসত পৰিছে। মোবাইল গেমৰ বাবে আত্মহত্যাৰ দৰে ঘটনাও সংঘটিত হৈছে।

বিশ্বৰ ভিতৰতে এক অন্যতম জনপ্ৰিয় মোবইল গেম হৈছে PUBG. পিছে এই PUBG কেতিয়াবা খেলুৱৈ আৰু পৰিয়ালৰ বাবে হৈ পৰিব পাৰে বিধ্বংসী।

শেহতীয়াকৈ তেনে এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে মুম্বাইত।

মুম্বাইত PUBG গেম খেলাৰ কাৰণেই পুত্ৰই মাকৰ একাউণ্টৰ পৰা খৰচ কৰিলে ১০ লাখ টকা। এই মোবাইল গেমৰ ভয়ংকৰ আসক্তিৰ বাবে অৱশেষত ঘৰ এৰি পলাবলৈ বাধ্য হৈছে পুত্ৰ। ঘটনা পোহৰলৈ অহাৰ পিছত পলাতক পুত্ৰৰ নিৰুদ্দেশৰ খবৰ দিবলৈ থানাত হাজিৰ হৈছিল পিতৃ।

মুম্বাইৰ যোগেশ্বৰীৰ এইগৰাকী পিতৃয়ে যেতিয়া পুত্ৰৰ PUBGৰ প্ৰতি আসক্তিৰ কথা গম পালে তেতিয়ালৈ মাকৰ বেংক একাউণ্টৰ পৰা প্ৰায় ১০ লাখ টকা শৰাধ কৰিছিল পুত্ৰই।

PUBG খেলিবলৈ এটা আইডি আৰু ভাৰ্চুৱেল মুদ্ৰা লৈ গেম খেলিবলৈ এই টকা খৰচ কৰিছিল পুত্ৰই। ঘটনাৰ পাছতে আৰক্ষীয়ে লগে লগে এজাহাৰ গ্ৰহণ কৰি কিশোৰজনৰ সন্ধান আৰম্ভ কৰে।

Leave a Comment