১২ দিন থাকিব বেংক বন্ধ !

অহা মাহত অৰ্থাৎ ছেপ্টেম্বৰত যদি বেংকৰ কিবা কৰিবলগীয়া কাম আছে তেনেহ’লে খৰ-খেদাকৈ কৰি ল’ব, কাৰণ ছেপ্টেম্বৰত প্ৰায় মাহটোৰ আধা দিনেই বন্ধ থাকিব বেংক । ৰিজাৰ্ভ বেংকে জাৰি কৰা তালিকা মতে এই মাহটোত বেংক বন্ধ থাকিব ১২ দিন। ছেপ্টেম্বৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথিৰ লগতে আছে গণেশ পূজা আৰু বিশ্বকৰ্মা পূজা।

কি কি তাৰিখত বন্ধ আছে চাওক সূচী।

1)  ৫ ছেপ্টেম্বৰ- দেওবাৰ
2) ৮ ছেপ্টেম্বৰ- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথি (অসম)
3) ৯ ছেপ্টেম্বৰ- তীজ (ছিকিম, গেংটক)
4) ১০ ছেপ্টেম্বৰ-  গণেশ চতুৰ্থী
5) ১১ ছেপ্টেম্বৰ- দ্বিতীয় শনিবাৰ
6) ১২ ছেপ্টেম্বৰ- দেওবাৰ
7) ১৭ ছেপ্টেম্বৰ-  বিশ্বকৰ্মা পূজা
8) ১৯ ছেপ্টেম্বৰ-  দেওবাৰ
9) ২০ ছেপ্টেম্বৰ-  ইন্দ্ৰযাত্ৰা (ছিকিম)
10) ২১ ছেপ্টেম্বৰ- শ্ৰী নাৰায়ণ গুৰু সমাধি দিৱস( কোচি-তিৰুৱনন্তপুৰম)
11) ২৫ ছেপ্টেম্বৰ-  চতুৰ্থ শনিবাৰ
12) ২৬ ছেপ্টেম্বৰ-  দেওবাৰ

উল্লেখ্য যে কিছুমান বন্ধ স্থানীয় বন্ধ হিচাপে ঘোষণা কৰিছে ৰিজাৰ্ভ বেংকে। চাৰিটা দেওবাৰ আৰু দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ মিলাই অসমত মুঠ ৯ দিন বেংক বন্ধ থাকিব।

Leave a Comment