ঘৰৰ কোঠাত ১৫ ডাল ফেঁটি সাপ !

এজন লােকৰৰ ঘৰৰ এটা কােঠালিত ওলাল ১৫ ডালকৈ ফেঁটি সাপ!

এই ঘটনা সংঘটিত হ’ল দৰং জিলাৰ ছিপাঝাৰৰ বৰদৌলগুৰিত।
জানিব পৰা মতে, বৰদৌলগুৰিত এঘৰ মানুহৰ ঘৰত ওলাল ১৫ ডালকৈ ফেঁটি সাপ।
এই ঘটনাই ব্যাপক চৰ্চা লাভ কৰিছে অঞ্চলজুৰি।
অৱশ্যে সাপ কেইডালৰ বাবে বিপদত পৰা নাই কােনাে লােক। লগতে সাপকেইডালৰাে কােনাে ক্ষতি নােহােৱাকৈ নিৰাপদে মুকলি কৰে স্থানীয় লােকে।
ব্যক্তিগৰাকীৰ ঘৰৰ মজিয়াত বাহ লৈ থকা পোন্ধৰডালকৈ ফেঁটি সাপৰ পোৱালিৰ লগতে মাইকী ফেটি সাপডালক নিৰাপদে উদ্ধাৰ কৰা হয়।
এজন সৰ্পপ্ৰেমী দিগন্ত নাথ নামৰ যুৱকজনে সাপকেইডাল ধৰি সমীপৱৰ্তী নৈৰ পাৰত নিৰাপদ স্থানত মুকলি কৰি দিয়ে বুলি জানিব পৰা গৈছে।

Leave a Comment