আতচবাজী বিস্ফোৰণ! নিহত ৩জন।

কৰ্ণাটকত সংঘটিত হৈছে ভয়ংকৰ আতচবাজী বিস্ফোৰণ ।

কর্ণাটকৰ ৰাজধানী বাংগালুৰুৰ চমাৰাজপেটৰ এক পৰিবহণ কোম্পানীৰ গুদামত সংঘটিত হৈছে এই বিস্ফোৰণ । যি বিস্ফোৰনত তিনিগৰাকীকৈ লোক নিহত হৈছে বুলি জানিব পৰা গৈছে। তিনি গৰাকী মৃত্যুৰ হোৱাৰ উপৰি আন এজন গুৰুতৰভাৱে আহত হৈছে বিস্ফোৰণটোত৷ তাৎক্ষণিকভাৱে আৰক্ষীৰ বোমা নিষ্ক্রিয়কৰণ গোট আৰু স্নিফাৰ ডগ ঘটনাস্থলীত মোতায়েন কৰা হয়৷

আৰক্ষী সূত্ৰই কোৱা অনুসৰি ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছে আতচবাজী৷লক্ষণীয়ভাৱে গুদামটোৰ ভিতৰত প্রায় ৮০টা আতচবাজীৰ বাকচ থোৱা বুলি আৰক্ষী বিষয়া পাণ্ডেই উল্লেখ কৰিছে৷

আৰক্ষী বিষয়া হৰিশ পাণ্ডেই সন্দেহ কৰা অনুসৰি আতচবাজীৰ বিস্ফোৰণৰ ফলতে তিনিগৰাকী লোক নিহত হোৱা বুলি সন্দেহ কৰা হৈছে৷

এটা বক্সত বিস্ফোৰণ সংঘটিত হোৱাৰ ফলত গুদামটোত থকা তিনিজন লোক নিহত হোৱাৰ উপৰি আন এজন আহত হয়৷ বিস্ফোৰণৰ ঘটনাক লৈ সমগ্র চহৰখনত উত্তেজনা সৃষ্টি হোৱা বুলিও আৰক্ষীয়ে সংবাদ মাধ্যমক জনাইছে৷

Leave a Comment