ভাৰতৰ তিনিখন গাঁৱলৈ বিশেষ সন্মান

ভাৰতৰ তিনিখন গাঁৱে লাভ কৰিবলৈ সক্ষম হৈছে বিশেষ সন্মান। ৰাষ্ট্ৰসংঘৰ পৰা লাভ কৰিছে এই বিশেষ সন্মান । সন্মান লাভ কৰা গাঁও কেইখনৰ ভিতৰত এখন গাঁও উত্তৰ-পূৰ্বাঞ্চলৰ অন্তৰ্গত।

শেহতীয়াভাৱে ৰাষ্ট্ৰসংঘৰ ‘বিশ্ব পৰ্যটন সংস্থা’ বঁটাৰ বাবে শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে মনোনীত হৈছে ভাৰতৰ তিনিখন গাঁও।

মধ্যপ্ৰদেশৰ লাধপুৰ খাছ, তেলেংগানাৰ পোচাম্পল্লী গাঁৱৰ লগতে মেঘালয়ৰ কংথং গাঁওক প্ৰদান কৰা হৈছে এই বঁটা ।

এই গাঁও তিনিখনৰ পৰ্যটনস্থলীসমূহ পৰ্যটকৰ মাজত অতি জনপ্ৰিয়। মেঘালয়ৰ কংথং গাঁওখন শ্বিলঙৰ পৰা প্ৰায় ষাঠি কিলোমিটাৰ দূৰত অৱস্থিত। গাঁওখন প্ৰাকৃতিক সৌন্দৰ্য আৰু অনবদ্য সংস্কৃতিৰে ভৰপূৰ আৰু পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। এই গাঁওখন এটি আচৰিত পদ্ধতিৰ বাবেও জনাজাত। কংথং গাঁওত শিশু জন্ম হ’লে এটা সুহুৰিৰ নাম ৰখা হয় আৰু গাঁওখনৰ ৰাইজে কমিউনিকেশ্বনৰ বাবে বেছিভাগ ক্ষেত্ৰতে সুহুৰিৰ ব্যৱহাৰ কৰা হয়। যাৰবাবে এই গাঁওখনক ‘হুইচেলিং ভিলেজ’ বুলিও জনা যায়।

মেঘালয়ৰ কংথং গাঁৱক ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থাই মনোনীত কৰা বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰেড চাংমাই আনন্দ প্ৰকাশ কৰিছে।

Leave a Comment