চীনৰ মহ উৎপাদন কাৰখানা

মহে কামোৰাৰ ফলত প্ৰতি বছৰে লাখ লাখ লোক বিভিন্ন ৰোগত আক্ৰান্ত হয়। বিভিন্ন ৰোগত আক্ৰান্ত হৈ বহুলোক মৃত্যুমুখত পৰিবলগীয়া হয়।

বাৰিষা কালত ডেংগু মহে কামোৰাৰ ফলতো বিভিন্ন ৰোগ হোৱা দেখা যায় আৰু বহু লোকৰ মৃত্যু হোৱা দেখা যায়।

কিন্তু শেহতীয়াকৈ চীনে মহক লৈ এক অদ্ভুত গৱেষণা চলাই থকা বুলি জানিব পৰা গৈছে।

 

বৰ্তমান সময়ত চীনে প্ৰতি সপ্তাহত ২০ নিযুত ভাল মহ উৎপাদন কৰি আছে বুলি তথ্য প্ৰকাশ কৰিছে, যাৰ কাম হ’ব আন বেমাৰ কঢ়িওৱা মহবোৰৰ বিৰুদ্ধে যুঁজ দিয়া আৰু ৰোগ প্ৰতিৰোধ কৰা। এই মহবোৰ প্ৰথমে গুয়াংঝৌৰ কাৰখানাটোত প্ৰজনন কৰোৱা হয়।

আৰু উৎপাদন কৰি থকা এই মহবোৰক চীনা গৱেষকসকলে ভাল মহ বুলি আখ্যা দিছে, এই মহক চীনা লোকসকলে ৱলবাচিয়া মহ বুলিও কয়।

উৎপাদনৰ পাছত মহবোৰক অৰণ্য আৰু মহৰ প্ৰাচুৰ্যৰ ঠাইত এৰি দিয়া হয়। কাৰখানাত প্ৰজনন কৰি উৎপন্ন কৰা মহবোৰে বেমাৰ কঢ়িয়াই অনা মাইকী মহবোৰৰ বিৰুদ্ধে যুঁজ দি উৰ্বৰতা ধ্বংস কৰে। তেতিয়া সেই ঠাইত বেমাৰ কঢ়িওৱা মহবোৰৰ সংখ্যা হ্ৰাস হ’বলৈ ধৰে আৰু এইদৰে ৱলবাচিয়া মহবোৰে ৰোগ প্ৰতিৰোধ কৰিবলৈ সক্ষম হয়।

বৰ্তমান এই মহবোৰ চীনৰ গুয়াংঝৌস্থিত এটা কাৰখানাত প্ৰস্তুত কৰি থকা হৈছে। ৱলবাচিয়া বেক্টেৰিয়া উৎপন্ন কৰা এই মহবোৰ প্ৰতি সপ্তাহত প্ৰায় ২০ নিযুত পৰ্যন্ত উৎপাদন কৰি থকা হৈছে।

Leave a Comment