দিল্লী মেট্ৰ’ৰ এক ঐতিহাসিক পদক্ষেপ

দিল্লী মেট্ৰ’ৰ এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে
ট্ৰেন্সছজেণ্ডাৰ সকলৰ বাবে সুকীয়া শৌচালয়ৰ ব্যৱস্থা কৰিছে দিল্লী মেট্ৰ’-এ।

দিল্লী মেট্ৰ’ৰ এজন বিষয়াই প্ৰকাশ কৰিছে এই কথা
বিষয়া জনে প্ৰকাশ কৰা মতে, লিংগ বৈষম্য প্ৰতিৰোধ কৰাৰ প্ৰচেষ্টা হিচাপে এই ব্যৱস্থা গ্ৰহণ কৰিছে।

দিল্লী মেট্ৰ’-এ ট্ৰেন্সজেণ্ডাৰসকলৰ
বাবে সুকীয়া শৌচালয়ৰ ব্যৱস্থা কৰিছে।
ট্ৰেন্সজেণ্ডাৰ ব্যক্তি (অধিকাৰ সুৰক্ষা) আইন, ২০১৯ৰ ধাৰা ২২-ৰ অনুসৰি ট্ৰন্সজেণ্ডাৰসকলৰ বাবে ৰাজহুৱা স্থান, ষ্টেশ্যন, ৰাজহুৱা ভৱনত শৌচাগাৰৰ সুবিধাকে ধৰি সকলো পৰ্যাপ্ত কল্যাণমূলক ব্যৱস্থা ৰখাটো বাধ্যতামূলক।

এই আইনৰ অধীনতে দিল্লী মেট্ৰ’-এ ট্ৰেন্সজেণ্ডাৰসকলৰ বাবে ৩৪৭ টা সুকীয়া শৌচালয় ব্যৱস্থা কৰিছে।

উক্ত নিৰ্দিষ্ট শৌচালয়সমূহ কেৱল ট্ৰেন্সজেণ্ডাৰ লোকেহে ব্যৱহাৰ কৰিব পাৰিব।
উল্লেখ্য যে দিল্লী মেট্ৰ’ৱে ইযার পূর্বে বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবেও সুকীয়া শৌচালয়ৰ ব্যৱস্থা কৰিছিল।

Leave a Comment