পুনৰ কাবুলত মহিলা কর্মক্ষেত্রলৈ উভতিল

তালিবানে কাবুল দখলৰ পাছতে এক অভাৱনীয় পৰিস্থিতি সৃষ্টি হৈছিল আফগানিস্তানত । মহিলা সকলৰ ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হৈছিল ।মহিলাসকলক ঘৰৰ বাহিৰলৈ ওলোৱাৰ ক্ষেত্রত বাধা প্রদান কৰিছিল তালিবানে৷

আফগানিস্তানৰ ৰাজধানী কাবুল দখল কৰাৰ পিছত অৱশেষত সকলো ভয় কাতি কৰি ১২গৰাকী আফগান মহিলা কর্মক্ষেত্রলৈ ঘূৰি আহিছে৷ কাবুল বিমানবন্দৰত কাম কৰে এই ১২ গৰাকী মহিলাই৷

দেওবাৰে মহিলাসকলে বিমানবন্দৰৰ কামত আহি যোগদান কৰিছে৷ সংবাদ সংস্থা এ এফ পিৰ প্রতিবেদন অনুসৰি জানিব পৰা গৈছে যে তালিবানৰ দখললৈ যোৱাৰ পূর্বে কাবুল বিমানবন্দৰত ৮০গৰাকী মহিলাই কাম কৰিছিল৷

এই ৮০গৰাকী মহিলাৰ ভিতৰত মাত্র ১২গৰাকীহে কর্মক্ষেত্রলৈ উভতি আহিছে৷ লক্ষণীয়ভাৱে তালিবানে এই ১২গৰাকী মহিলাক কামত যোগদান কৰাৰ ক্ষেত্রত অনুমতি প্রদান কৰিছে৷ কিন্তু অন্য মহিলাসকলে এতিয়াই কামত যোগদান কৰিব নোৱাৰিব৷ তালিবানৰ সূত্রই সদৰী কৰা অনুসৰি পৰৱর্তী নির্দেশ নিদিয়ালৈকে অন্য মহিলাসকলক ঘৰতেই থাকিবলৈ আহ্বান জনোৱা হৈছে৷ তেওঁলোকে যোগদান কৰিব নোৱাৰিব কৰ্ম ক্ষেত্ৰত ।

Leave a Comment