ভয়ংকৰ বোমা বিস্ফোৰণ! নিহত তিনিজন

আফানিস্তান তালিবানৰ হাতলৈ যোৱাৰ পিছৰে পৰা সংঘটিত হৈ আছে বিভিন্ন ঘটনা।

এইবাৰ আফগানিস্তানত সংঘটিত হৈছে বোমা
বিস্ফোৰণৰ ঘটনা । আফগানিস্তানৰ পূব নানগড়হাৰ প্ৰদেশত সংঘটিত হৈছে তিনিটাকৈ বিস্ফোৰণ।
শনিবাৰে হোৱা এই বিস্ফোৰণত মৃত্যুক সাৱটি লয় তিনিজন লোকে।

লগতে আঘাতপ্ৰাপ্ত হয় ২১ জন লোক, আঘাতপ্ৰাপ্ত ব্যক্তিসকলৰ ভিতৰত আছে মহিলা-শিশুৰ লগতে তালিবান আৰক্ষী। তালিবান আৰক্ষীক লক্ষ্য কৰিয়েই নিক্ষেপ কৰা হৈছিল বোমা।

লগে লগে জালালাবাদ চহৰৰ এখন হাস্পতাললৈ যোৱা হয় আহত লোকসকলক। কিন্তু গুৰুতৰ ভাৱে আহত হোৱা তিনিজনে মৃত্যুক সাৱটি লয় । হাস্পতাল কৰ্তৃপক্ষৰ তথ্য অনুসৰি ভুক্তভোগীসকলৰ তিনিজনহে মাত্ৰ দেশৰ সাধাৰণ নাগৰিক।

আন সকলোৱেই হৈছে তালিবানী তালিবানে কাবুল দখল কৰাৰ পিছত নানগড়হাৰ প্ৰদেশত এয়াই হৈছে প্ৰথম বোমা বিস্ফোৰণ।

অৱশ্যে এই বিস্ফোৰণ কোনে সংঘটিত কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই

Leave a Comment