‘আফগানিস্তানৰ ভূমি ভাৰতবিৰোধী কামত ব্যৱহাৰ কৰিলে নহ’ব’

অন্তিমজন মাৰ্কিন সেনাই আফগানিস্তান ত্যাগ কৰাৰ পিছতেই কাটাৰৰ ৰাজধানী চহৰ ডোহাত তালিবানৰ প্ৰতিনিধিৰে আলোচনাত মিলিত হ’ল ভাৰতৰ ৰাষ্ট্ৰদূত দীপক মিত্তল। মঙলবাৰে তালিবানৰ ৰাজনৈতিক কাৰ্যালয়ৰ মুৰব্বী শ্বেৰ মহম্মদ আব্বাছ ষ্টেনেকজাই মিত্তলৰে মিলিত হয় এক লানি আলোচনাত ।

প্ৰথমবাৰৰ বাবে বৈদেশিক মন্ত্ৰণালয়ে এনে আলোচনাৰ কথা আনুষ্ঠানিকভাৱে সদৰি কৰিছে।

ভাৰতৰ আফগানিস্তানত প্ৰায় ৩০০মিলিয়ন ডলাৰৰ বিনিয়োগ থকাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ নতুন তালিবান শাসন ব্যৱস্থাৰ প্ৰতি কি স্থিতি হ’ব সেই চৰ্চা কূটনৈতিক মহলত চলি থকাৰ সময়তে এই আলোচনাই তাৎপৰ্য বহন কৰিছে। তালিবানে চুবুৰীয়া ভাৰতৰ পৰা এক গ্ৰহণযোগ্যতা প্ৰাপ্ত কৰিবলৈ অহৰহ চেষ্টা কৰি আছে বুলি জানিব পৰা গৈছে। ভাৰতে সমগ্ৰ ঘটনাৰাজীৰ ইয়াৰ বিপৰীতে সূক্ষ্ম পৰ্যবেক্ষণ কৰি আছে। মধ্য যুগীয়া ধাৰ্মিক চিন্তাধাৰাৰে পৰিচালিত হৈ অগণতান্ত্ৰিক পদ্ধতিৰে শাসনৰ বাঘজৰী লোৱা তালিবানক ভাৰতে আন্তৰ্জাতিক মঞ্চ সমূহত কি ধৰণে গ্ৰহণ কৰিব সেইয়া লক্ষণীয় হ’ব।

বৈদেশিক মন্ত্ৰণালয়ৰ পৰা জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা মতে, এই সাক্ষাতত সুৰক্ষা, নিৰাপত্তা, ভাৰতীয় নাগৰিকক দেশলৈ সুকলমে অনা, আফগানিস্তানৰ হিন্দু আৰু শিখ সকল ভাৰতলৈ আহিব বিচাৰিলে অনুমতি প্ৰদান কৰা আদি বিষয়সমূহ আলোচনা কৰা হয়। লগতে ৰাষ্ট্ৰদূতগৰাকীয়ে আফগানিস্তানৰ ভূমি যাতে কোনো কাৰণত ভাৰত বিৰোধী কাৰ্যকলাপত ব্যৱহাৰ নহয় সেই কথাও স্পষ্ট কৰি দিয়ে।

উল্লেখযোগ্য যে, ভাৰতে এতিয়ালৈকে ৫৬৫গৰাকী ব্যক্তিক আফগানিস্তানৰ পৰা উভতাই আনিছে। তাৰে ১১২গৰাকী আফগান নাগৰিক। ইয়াৰ বিপৰীতে মাৰ্কিন যুক্তৰাষ্ট্ৰই ১,২২,০০০গৰাকী ব্যক্তিক নিজ দেশলৈ উৰুৱাই লৈ গৈছে । তাৰে ১,০০০০০আফগান নাগৰিক ।

আনহাতে, ৰাষ্ট্ৰ সংঘ নিৰাপত্তা পৰিষদত ভাৰতৰ অধ্যক্ষতাত আফগানিস্তানৰ ঘটনা সন্দৰ্ভত এক প্ৰস্তাৱ গ্ৰহণ কৰা হয় । নিৰাপত্তা পৰিষদত আফগানিস্তানৰ ভূমি যাতে অন্য দেশত হিংসাত্মক কাৰ্যকলাপ উদগনি দিবলৈ ব্যৱহাৰ নহয় এই দিশত প্ৰস্তাৱ গ্ৰহণ কৰা হয়। আফগান ভূমি যাতে সন্ত্ৰাসবাদীৰ বিচৰণস্থল নহয়, এই দিশতো প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

প্ৰস্তাৱ গ্ৰহণৰ সময়ত স্থায়ী সদস্য দেশ ৰাছিয়া আৰু চীন অনুপস্থিত থাকে। বাকী তিনিখন স্থায়ী সদস্য দেশ ক্ৰমে ফ্ৰান্স, ইংলেণ্ড আৰু মার্কিন যুক্তৰাষ্ট্ৰই প্রস্তাৱৰ সপক্ষে অৱস্থান গ্ৰহণ কৰে। ভাৰতবর্ষ নিৰাপত্তা পৰিষদৰ দুবছৰৰ কাৰণে অস্থায়ী সদস্য।

Leave a Comment