বায়ু প্ৰদূষণে মানৱ জাতিলৈ কঢ়িয়াইছে অশনি সংকেত

বায়ু প্রদূষণে মানৱ জাতিলৈ কঢ়িয়াই আনিছে অশনি সংকেত ৷ মানৱ স্বাস্থ্যৰ বিস্তৰ ক্ষতি কৰিছে লগতে আয়ুসকালৰ ওপৰতো নেতিবাচক প্রভাৱ পেলাই আছে বায়ু প্রদূষণে ৷

এপিক অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্রৰ গৱেষণা প্রতিষ্ঠান চিকাগো বিশ্ববিদ্যালয়ৰ এনার্জী পলিচী ইনষ্টিটিউট প্রতিবেদনত ভাৰতৰ নাগৰিকসকল ভয়াৱহ বায়ু প্রদূষণৰ কবলত বিস্তৰ ক্ষতি হোৱাৰ এক তথ্য প্রকাশ পাইছে৷

চিকাগো বিশ্ববিদ্যালয়ৰ এনার্জী পলিচী ইনষ্টিটিউট প্রতিবেদন অনুসৰি ৪০ শতাংশ ভাৰতীয়ৰ আয়ুসকাল ৯ বছৰতকৈ অধিক হ্রাস পাব৷

দেশৰ ৰাজধানী নতুন দিল্লী বিশ্বৰ সর্বাধিক প্রদূষিত চহৰৰ ভিতৰত তৃতীয় স্থানত আছে৷ ইয়াৰ উপৰি দেশৰ মধ্য–পূব আৰু উত্তৰ প্রান্তৰ চহৰসমূহত প্রদূষণৰ মাত্রা অতি ভয়াৱহ বাবে বৃদ্ধি পাইছে৷

প্রদূষণে ক্রমাৎ জনস্বাস্থ্যৰ প্রতি ভাবুকিৰ সৃষ্টি কৰিছে৷ তেনে কাৰণতে দেশৰ ৪০ শতাংশ লোকৰ আয়ুসকাল ৯ বছৰ হ্রাস পাব বুলি প্রতিবেদনত উল্লেখ কৰা হৈছে৷

Leave a Comment