বায়ু প্ৰদূষনে মাতিছে পৃথিৱীলৈ অশনি সংকেত !

বায়ু প্ৰদূষণৰ ফলত পৃথিৱীত মৃত্যু হয় বহু লোকৰ ।সকলো দেশতে স্বাস্থ্যক্ষেত্রত বায়ু প্রদূষণ ভাবুকি হিচাপে চিহ্ণিত হৈ আহিছে৷

জানিব পৰা গৈছে যে বিশ্বজুৰি বায়ু প্রদূষণৰ ফলত বছৰি প্রায় ৭০ লাখ লোকৰ মৃত্যু হয়৷ উন্নয়নশীল আৰু অনুন্নত দেশসমূহৰ জনসাধাৰণৰ বাবে বায়ু প্রদূষণ মাৰাত্মক বুলিও চিহ্ণিত কৰিছে বিশ্ব স্বাস্থ্য সংস্থা (হু)ই৷

শেহতীয়াকৈ WHO ৰ তৰফৰ পৰা মানুহৰ স্বাস্থ্যৰ বাবে বায়ু প্রদূষণ আটাইতকৈ ভয়াৱহ ভাবুকি বুলি উল্লেখ কৰিছে৷ জলবায়ু পৰিৱর্তনৰ ফলত ইতিমধ্যে পৃথিৱীত বিভিন্ন প্রাকৃতিক বিপর্যয়ত প্রাণ হেৰুৱাবলগীয়া হৈছে অসংখ্য লোকে৷ আন্তর্জাতিক সংস্থাটোৰ মতে, জীৱকুলৰ বাবে বায়ুৰ যি মান্যতা থাকিব লাগে, তাক কোনো দেশেই ৰক্ষা কৰিব পৰা নাই ।

সেইদৰে বায়ু প্রদূষণে প্রতিবছৰে প্রাণ কাঢ়িছে প্রায় ৭০ লাখ লোকৰ৷ গতিকে জলবায়ু পৰিৱর্তনৰ মোকাবিলা কৰা আৰু বায়ু প্রদূষণ হ্রাসৰ ব্যৱস্থা গ্রহণ কৰাটো অতি জৰুৰী বুলি বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰিছে৷

আৰু মৃত্যুৰ হাৰ বৃদ্ধি পাইছে গতিকে ইয়াৰ পৰিণাম অধিক ভয়াৱহ হৈ আহিছে৷ এই ক্ষেত্ৰত এতিয়া ব্যৱস্থা গ্ৰহণৰ সময় আহি পৰিছে। অন্যথা বায়ু প্ৰদূষণৰ ফলতে বিভিন্ন ৰোগত আক্ৰান্ত হৈ বহু লোক মৃত্যু মুখত পৰিব।

Leave a Comment