শীঘ্ৰে ছবিগৃহত “ময়দান”

চলচ্চিত্ৰ প্ৰেমী সকলৰ বাবে ভাল খবৰ। মুক্তি লাভ কৰিব এখন বহু চৰ্চিত ছবিয়ে ।

অতি শীঘ্ৰে ছবি গৃহত দেখিবলৈ পাব এখন বলিউদৰ ছবি । আৰু ছবিখনৰ নাম হৈছে ময়দান । আহি আছে “ময়দান”। অহা ১৫ অক্টোবৰ তাৰিখে ছবিগৃহত শুভমুক্তি লাভ কৰিব বলীউড ছবি “ময়দান”।

এই “ময়দান” ছবিখন ভাৰতীয় ফুটবলৰ সোণালী যুগৰ ওপৰত আধাৰিত এখন সুন্দৰ ছবি। ছবিখনত অভিনয় কৰিছে বলিউদৰ জনপ্ৰিয় অভিনেতা অজয় দেৱগণে ।ফুটবল প্ৰশিক্ষক চৈয়দ আব্দুল ৰহিমৰ চৰিত্ৰত অভিনয় কৰিছে বলীউডৰ তাৰকা অজয় দেৱগনে। লগতে আছে বহু কেইজন জনপ্ৰিয় অভিনেতা অভিনেত্ৰী ।ভাৰতীয় হিন্দী ভাষাৰ জীৱনীমূলক ক্ৰীড়া চলচ্চিত্ৰ “ময়দান”ৰ পৰিচালনা কৰিছে- অমিত শৰ্মাই আৰু বেভিউ প্ৰজেক্টছ এলএলপিৰ সহযোগত জি ষ্টুডিঅ’ই প্ৰযোজনা কৰিছে।

১৯ আগষ্ট ২০১৯ তাৰিখে ছবি খনৰ শ্বুটিং আৰম্ভ হৈছিল । কভিড সৃষ্ট পৰিবেশৰ বাবে বন্ধ হৈ আছিল ছবি গৃহসমূহ । লাহে লাহে কিছু উন্নত হোৱাত এতিয়া আশাৰ বতৰা কঢ়িয়াইচে ছবি জগতলৈ ।

Leave a Comment