দু সাহসীক অনুষ্ঠানত অভিনেতা অজয় দেৱগন

দুঃসাহসিক অনুষ্ঠান Into The Wild With Bear Gryllsত দেখিবলৈ পোৱা যাব বলীউডৰ জনপ্ৰিয় অভিনেতা অজয় দেৱগনক।

বিয়েৰ গ্ৰিলছৰ দ্বাৰা পৰিচালিত জনপ্ৰিয় অনুষ্ঠানত অতি শীঘ্ৰেই মালদ্বীপত বিয়েৰ গ্ৰিলছৰ সৈতে এটা বিশেষ খণ্ডত দেখিবলৈ পোৱা যাব অভিনেতা গৰাকীক ।

শীঘ্ৰে চিত্ৰগ্ৰহণ আৰম্ভ কৰিব অভিনেতাগৰাকীয়ে।
ইয়াৰ পূৰ্বে এই অনুষ্ঠানত ২০১৯ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গ্ৰিলছৰ সৈতে Man vs Wildৰ এটা বিশেষ খণ্ডত দেখিবলৈ পোৱা গৈছিল। ইয়াৰ পিছত এইবাৰ এই অনুষ্ঠানত অংশ্ৰহণ কৰিব অজয় দেবোগণক আনহাতে, ডিস্কভাৰী প্লাছত প্ৰচাৰিত অনুষ্ঠানটোত তামিল চুপাৰষ্টাৰ ৰজনীকান্ত, বলীউডৰ খিলাড়ী অক্ষয় কুমাৰকো বিভিন্ন বনাঞ্চলত দুঃসাহসিক অভিযান চলোৱা পৰিলক্ষিত হৈছিল। অভিনেতা অজয় দেৱগনক শেহতীয়াকৈ Bhuj: The Pride of India ছবিত দেখিবলৈ পোৱা গৈছিল। আনহাতে, আগন্তুক সময়ত Gangubai Kathiawadi, এছ এছ ৰাজামৌলীৰ RRR, Maidaan আৰু Maydayত আদিত অভিনয় কৰা দেখিবলৈ পোৱা যাব।

Leave a Comment