আফগানিস্তানৰ পৰা আমেৰিকাৰ উদ্ধাৰ অভিযান।

তালিবানে শক্তি প্ৰয়োগ কৰি দখল কৰিছে আফগানিস্তানৰ এখনৰ পিছত আন এখন চহৰ ।বিনা যুদ্ধই আফগান সেনাৰ আত্মসমৰ্পনৰ বাবে বিশ্ব জুৰি চলিছে চৰ্চা। অব্যাহত আছে আমেৰিকাৰ উদ্ধাৰ অভিযান।

১৪ আগষ্টৰ পৰা আমেৰেকাই আফগানিস্তানৰ পৰা উদ্ধাৰ কৰিছে ১লাখৰো অধিক লোকক। বিমান যোগে অব্যাহত আছে উদ্ধাৰ অভিযান।এতিয়ালৈকে বিমানযোগে আমেৰিকাই আফগানিস্তানৰ পৰা উদ্ধাৰ কৰিছে ১লাখ ১১হাজাৰ ৯০০গৰাকী লোকক।
কাবুল বিমান বন্দৰত যি বোমা বিস্ফোৰণ সংঘটিত হৈছিল ইয়াৰ পাছতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল ।
আমেৰিকাই প্ৰকাশ কৰা মতে, কাবুল বিমান বন্দৰত বোমা বিস্ফোৰণ হোৱাৰ পাছত এতিয়ালৈকে আমেৰিকাই কাবুলৰ পৰা ৬,৮০০গৰাকী লোকক উদ্ধাৰ কৰিছে। আমেৰিকাই ৩২খন বিমানেৰে এই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আমেৰিকাই।

Leave a Comment