অৰুণাচল প্ৰদেশৰ ৰঞ্জি দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত টীম ইন্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ

অৰুণাচল প্ৰদেশৰ ৰঞ্জি দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত টীম ইন্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ দীনেশ মংগিয়া।

তাৰকা ক্ৰিকেটাৰ দীনেশ মংগিয়াই চলিত ২০২১- ২২ চনৰ ৰঞ্জি ছীজনৰ বাবে উত্তৰ–পূৰ্বাঞ্চলৰ ৰাজ্য অৰুণাচল প্ৰদেশ ক্ৰিকেট সন্থাৰ সৈতে চুক্তিবদ্ধ হৈছে।

১৯৭৭ চনৰ ১১ এপ্ৰিলত চন্ডীগড়ত জন্মলাভ কৰা দীনেশ মংগিয়াই ২০০১ চনৰ পৰা ২০০৭ চনলৈ ৫৭খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰি এটা শতৰান আৰু চাৰিটা অৰ্ধশতৰানৰ ইনিংছ খেলে। ২০০৩ চনত ক্ৰিকেট বিশ্বকাপত ভাৰতীয় দলৰ জাৰ্চি পিন্ধা দীনেশ মংগিয়াই ২০০২ চনৰ ১৯ মাৰ্চত গুৱাহাটী নেহৰু ষ্টেডিয়ামত জিম্বাবুৱেৰ বিৰুদ্ধে সৰ্বাধিক ১৫৯ ৰানৰ অপৰাজিত ইনিংছটো খেলিছিল।

দীনেশ মংগিয়াৰ গুৱাহাটীৰ সেই সৰ্বাধিক ৰানৰ অভিলেখ এইপৰ্যন্ত কোনো খেলুৱৈয়ে ভংগ কৰিব পৰা নাই। গুৱাহাটীৰ আন্তঃৰাষ্ট্ৰীয় খেলত দীনেশ মংগিয়াৰ ৰানে এতিয়াও অভিলেখ সৃষ্টি কৰি আছে। সেইগৰাকী সফল ক্ৰিকেটাৰে এইবছৰ অৰুণাচল প্ৰদেশ ৰঞ্জি ট্ৰফী দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব পোৱাত উৎফুল্লিত হৈছে পাহাৰীয়া জিলাখনৰ ক্ৰীড়াপ্ৰেমী ৰাইজ।

Leave a Comment