অসম সন্তানে কঢ়িয়াই আনিছে সু-খবৰ

এইবাৰ বলিউডৰ পূৰ্ণাংগ ছবিৰ পৰিচালকৰ ৰূপত দেখা যাব এগৰাকী অসম সন্তান, নাম ভাৰ্গৱ শইকীয়াক।

পূৰ্বতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত “এৱেকেনিংছ” আৰু “দ্য ব্লেক কেট” নামৰ দুখন ভৌতিক আৰু ফেণ্টাচী চুটি ছবিৰ জৰিয়তে পৰিচালক ৰূপে সফলতা আৰু সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল বিশ্বনাথৰ ভাৰ্গৱ শইকীয়াই
এইবাৰ কোৰোনাৰ বাধাক নেওচি “বোক্সী” নামৰ প্ৰথমখন পূৰ্ণ দৈৰ্ঘ্যৰ হিন্দী ভৌতিক-ফেণ্টাচী ছবিৰ দৃশ্য গ্ৰহণ কৰিবলৈ আগবাঢ়িছে ভাৰ্গৱ।

বোক্সী শব্দটো নেপালী ভাষাৰ আৰু ইয়াৰ অৰ্থ হ’ল ডাইনী। ছেপ্তেম্বৰৰ ২৩ তাৰিখৰ পৰা দাৰ্জিলিং আৰু ছিকিমৰ গভীৰ অভয়াৰণ্যত ছবিখনৰ শ্বুটিং আৰম্ভ হ’ব।

ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰিব নেটফ্লিক্সৰ “ছুইটএব’ল বয়” ছিৰিজত অভিনয় কৰি খ্যাতি অৰ্জন কৰা অভিনেত্ৰী মানসী মুলতানী, পৰিচালক প্ৰতীক গান্ধীৰ ছবি “ডেৰ বিঘা জমীন”ত কাম কৰি থকা নৱ প্ৰজন্মৰ প্ৰসন্না বিষ্টে। লগতে ছবিখনত ভাস্কৰ হাজৰিকাৰ “কথানদী” ৰ তেজীমলাৰ ভূমিকা লোৱা, “কাণিন” আৰু জাহ্নু বৰুৱাৰ “ভগা খিৰিকী”ত বিশেষ ভূমিকা লোৱা অসমৰ কাচভী শৰ্মাক এক অন্যতম চৰিত্ৰত দেখিবলৈ পোৱা যাব এই ছবি খনত।

Leave a Comment