কইনাধৰাত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।

কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।
বৈঠকত কেইবাটাও গুৰুতবপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে

৩২৮৪ কোটি টকা ব্যয়েৰে শক্তি খণ্ডক উন্নত কৰিব APDCLএ।

২৬০৫ কিঃমিঃ নতুন ৩৩কেভি লাইন সংযোগ কৰা হ’ব।

ভল্টেজ কম হোৱাটো ৰোধ কৰিবলৈ বহুওৱা হ’ব ১৯৬টা নতুন ছাব ষ্টেচন।

২০৭৪টা নতুন হাইভল্টেজ স্থাপন কৰা হ’ব।

৩০১৮ কিঃমিঃ নতুন ১১কেভি লাইন সংযোগ কৰা হ’ব ট্ৰেণ্সফৰ্মাৰ।

৪০ হাজাৰ নতুন ট্ৰেণ্সফৰ্মাৰ মিটাৰ স্থাপন কৰা হ’ব।

নতুন প্ৰিপেইড স্মাৰ্ট মিটাৰ লগোৱা হ’ব ১লাখ ৮৬ হাজাৰ ২৫৫টা

আবকাৰী ৰাজহ অপচয় ৰোধৰ বাবে ‘ট্ৰেনজিট পাছ’ৰ ব্যৱস্থা।

দেশীয় সুৰা আবকাৰী কৰ ৫৯ শতাংশ পৰ্যন্ত হ্ৰাস। চুলাইৰ বিক্ৰী বন্ধ কৰিবলৈ এই ব্যৱস্থা গ্ৰহণ।

প্ৰতি দুবছৰৰ মূৰে মূৰে নিয়মীয়াকৈ দিয়া হ’ব গোপীনাথ বৰদলৈ বঁটা।

বিশেষ ব্যক্তি বা সংস্থাক দিবলগীয়া এই বঁটাত থাকিব ৫ লাখ টকা।

এইবাৰৰ বঁটা ৩ অক্টোবৰত প্ৰদান কৰা হ’ব।

বৃদ্ধি কৰা হব শ্ৰীমন্ত শংকৰদেৱ বঁটাৰ মাননি
কৃষি খণ্ডক উন্নত কৰিবলৈ বিভিন্ন পদক্ষেপ লোৱাৰ সিদ্ধান্ত।

প্ৰতি জিলাত এজন প্ৰগ্ৰেম অফিচাৰ, এজন একাউণ্ট এক্সপাৰ্ট থাকিব। লগতে থাকিব এজনকৈ মিডিয়া এক্সপাৰ্ট।

অসমৰ প্ৰতিটো সমষ্টিত খোলা হ’ব আদৰ্শ বিদ্যালয়।

আদৰ্শ বিদ্যালয়ৰ সংখ্যা ২৫খনৰ পৰা ৭৪ খনলৈ বৃদ্ধি কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ।

এই বিদ্যালয়সমূহ পৰিচালনা কৰিবলৈ গঠণ কৰা হ’ব আদৰ্শ বিদ্যালয় সংগঠন।

অসমত কৰ্তব্যৰত সেনা-চিআৰপিএফৰ লোকৰ মৃ্ত্যু হ’লে পৰিয়াললৈ আগবঢ়োৱা হ’ব ৫০ লাখকৈ সাহাৰ্য।

পূজাত এটিচি বাগিচচাৰ শ্ৰমিকক ২০ শতাংশ ব’নাছ দিয়া হ’ব।

শ্ৰমিকসকলৰ ব’নাছ দিবলৈ ২৪ কোটি টকা খৰচ কৰা হ’ব।

পঞ্চায়ত প্ৰতিনিধিৰ পাৰিতোষিকৰ বাবে ৬৬.৩৪ কোটি টকা মুকলি।

অসম ৰত্ন, অসম বিভূষণ, অসম ভূষণ বঁটাৰ নামসমূহ সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ।

অসম বৈভৱ, অসম সৌৰভ, অসম গৌৰৱ নামেৰে জনা যাব এই বঁটাসমূহ।

ক্ৰমে ৫লাখ, তিনি লাখ আৰু দুই লাখ টকা থাকিব এই বঁটাসমূহত।

‘মিছন বসুন্ধৰা’ নামৰ এক নতুন আঁচনি ৰূপায়নৰ সিদ্ধান্ত গ্ৰহণ।

এই আঁচনিৰে গোটেই অসমৰ মাটি এটা পৰ্টেলত অন্তৰ্ভূক্ত কৰা হ’ব।

২ অক্টোবৰত মুখ্যমন্ত্ৰীয়ে সৱিশেষ জনাব এই আঁচনিৰ বিষয়ে।

Leave a Comment