২৭ ছেপ্তেম্বৰত ভাৰত বন্ধৰ আহ্বান।

কৃষি আইনৰ বিৰুদ্ধে ভাৰত বন্ধৰ আহ্বান ।
সংযুক্ত কিষাণ মৰ্চাই বিতৰ্কিত তিনি কৃষি আইনৰ বিৰুদ্ধ কৰি ২৭ ছেপ্টেম্বৰত আহ্বান জনাইছে ‘ভাৰত বন্ধ’ৰ।

পুৱা ৬ বজাৰ পৰা আবেলি ৪ বজালৈকে আহ্বান জনাইছে বন্ধৰ।

সংগঠনটোৱে জনোৱা অনুসৰি এই ভাৰত বন্ধ শান্তিপূৰ্ণ হ’ব লগতে প্ৰতিবাদকাৰী কৃষকসকলে নিশ্চিত কৰিব যে যাতে জনসাধাৰণে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় ।

এছ কে এমে এক বিবৃতিত কোৱা অনুসৰি, এই বন্ধৰ সময়ছোৱাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কাৰ্যালয়, বজাৰ, দোকান, কাৰখানা, বিদ্যালয়, মহাবিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠানসমূহক কাম কৰিবলৈ অনুমতি দিয়া নহ’ব।

লগতে কোৱা হৈছে যে ৰাজহুৱা আৰু ব্যক্তিগত পৰিবহনৰ অনুমতি দিয়া নহ’ব বুলিও বিবৃতিটোত কোৱা হৈছে।

বন্ধৰ সময়ত কেৱল এম্বুলেন্স আৰু অগ্নি নিৰ্বাপক সেৱাকে ধৰি জৰুৰীকালীন সেৱাসমূহকহে কাম কৰিবলৈ অনুমতি দিয়া হ’ব।

Leave a Comment