বলিউডত জিলিকিছে অসম কন্যা ।

সংগীতৰ ক্ষেত্রখনত অসমত প্রতিভাৰ অভাৱ নাই৷
বলীউডত নিজক উজলাই তুলিবলৈ সক্ষম হৈছে সুকণ্ঠী গায়িকা মধুস্মিতা বৰঠাকুৰে৷

বিগত কিছুবছৰৰ পৰা নিজস্ব প্রতিভাৰে অসমীয়া চিনেমাৰ লগতে ভালেকেইখন হিন্দী, পাঞ্জাবী আৰু ভোজপুৰী চিনেমাৰ গীতত কণ্ঠদান কৰিছে মধিমধুস্মিতাই৷

বলীউডৰ দুই প্রবাদ প্রতিম গায়িকা আশা ভোছলে আৰু চমছাদ বেগমে অ’ পি নায়াৰৰ সংগীতত ‘কিছমত’ চিনেমাখনৰ বাবে গোৱা ‘কাজৰা মোহব্বত ৱালা…’ শীর্ষক গীতটো মধুস্মিতাৰ কণ্ঠত পুনর্নির্মাণ কৰি অলপতে মুকলি কৰি দিছে প্রখ্যাত সংগীত কোম্পানী সাৰেগামা মিউজিকে৷

গীতটোক ইতিমধ্যে সামাজিক মাধ্যমতো ভূৰি ভূৰি প্রশংসা কৰিছে অনুৰাগীয়ে লগতে আঁকোৱালি লৈছে গীতটি ৷ মায়ানগৰী মুম্বাইতে বহু বছৰ থকা মধুস্মিতাই ইয়াৰ আগতেও ‘জয় হো ডেমোক্রেচী’, ‘অৱধি’, ‘ৰাজধানী এক্সপ্রেছ’ আদি হিন্দী চিনেমা, একোখনকৈ পাঞ্জাবী আৰু ভোজপুৰী চিনেমা আৰু এম টিভিৰ ‘ৰিয়েল এফ এম’তো গীত গাইছে৷ তদুপৰি ফিনলেণ্ডৰ জনপ্রিয় গায়িকা হান্না পাকৰিনেনৰ সৈতে মধুস্মিতাই ফিনিচ ভাষাতো গীত গাইছে৷

Leave a Comment