ককায়েকে হত্যা কৰিলে ডিম্পলক

জেঠায়েকৰ পুত্ৰই হত্যা কৰিছিল উজান বজাৰৰ ১৩ বছৰীয়া কিশোৰী ডিম্পলক।

ইতিমধ্যে অভিযুক্ত হত্যাকাৰী আশীক গুপ্তাই স্বীকাৰ কৰিছে হত্যাকাণ্ডৰ কথা। অভিযুক্তই জানিবলৈ দিছে যে কিবা কথাত বিতৰ্কৰ লগতে হতাহতি হয় তাৰ পিছতেই হত্যা কৰিছিল ডিম্পলক । হত্যাৰ পিছতে মবাইল ফোনটো লুকুৱাই থৈছিল আশীকে। অৱশ্যে ফোনটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।

উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ উজান বজাৰৰ জনাকীর্ণ ৱার্ড ষ্ট্রীটত এগৰাকী ১৩ বছৰীয়া কিশোৰীক নৃশংসভাৱে হত্যা কৰা ঘটনাই তীব্র চাঞ্চল্য সৃষ্টি কৰিছিল৷ দিন–দুপৰতে ঘৰত কোনো নথকাৰ সুযোগ লৈ উজাৰ বজাৰৰ ৱার্ড ষ্ট্রীটস্থিত ভাৰাঘৰটোত ডিম্পল কুমাৱট নামৰ অষ্টম শ্রেণীৰ ছাত্রীগৰাকীক অতি নৃশংসতাৰে হত্যা কৰিছিল অভিযুক্ত আশীক গুপ্তাই ৷ আশীক গুপ্তাই ডিম্পলক শিলৰ পটাগুটি ছুৰীৰে পিঠিত আঘাত কৰাৰ লগতে প্রেছাৰ কুকাৰ সহায়ত হত্যা কৰিছিল বুলি প্রাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে জানিবলৈ দিছে৷

Leave a Comment