দৰমহা মাত্ৰ ৫ হাজাৰ টকা ! কিন্তু পত্নীৰ একাউণ্টত জমা ২ কোটি ১৫ লাখ টকা !

পেছাত এজন ঠিকাভিত্তিক কম্পিউটাৰ অপাৰেটৰ। দৰমহা মাত্ৰ ৫হাজাৰ টকা। কিন্তু ৪বছৰত তেঁওৰ পত্নীৰ একাউণ্টত শিক্ষাবিভাগৰ পৰা দৰমহাৰ নামত জমা হ’ল ২কোটিৰো অধিক ধন।

পেছাত এজন ঠিকাভিত্তিক কম্পিউটাৰ অপাৰেটৰ। দৰমহা মাত্ৰ ৫হাজাৰ টকা। কিন্তু ৪বছৰত তেঁওৰ পত্নীৰ একাউণ্টত শিক্ষাবিভাগৰ পৰা দৰমহাৰ নামত জমা হ’ল ২কোটিৰো অধিক ধন।

ঠিকাভিত্তিক অপাৰেটৰে ভুৱা শিক্ষকৰ নামত শিক্ষাবিভাগৰ পৰা ২কোটি ১৫লাখ টকা আত্মসাৎ কৰি অবাধ সম্পত্তি গঢ়িছিল। আত্মসাৎ কৰা ধনৰে এই গৰাকী ঠিকাভিত্তিক শিক্ষকে দুটা ঘৰ, দুটা এলএনটি মেচিন আৰু দুটা জেচিবি মেচিন ক্ৰয় কৰি বৃহৎ ব্যৱসায়িক সাম্ৰাজ্য গঢ়িছিল।

ঘটনাতো ৰাজস্থানৰ ঘিলৱাৰাৰ।ৰাজস্থানৰ ঘিলৱাৰাৰ গোপাল চুৱালকা নামৰ এজন কম্পিউটাৰ অপাৰেটৰে শিক্ষাবিভাগৰ পাছৱৰ্ড চুৰি কৰি শিক্ষকৰ নামত চৰকাৰে আবণ্টন দিয়া দৰমহা নিজৰ পত্নীৰ একাউণ্টত জমা দিছিল। শিক্ষা বিভাগৰ বিষয়াৰ ভুৱা পৰিচয় আৰু পাছৱৰ্ডৰে তেওঁ এই প্ৰৱঞ্চনা কৰিছিল। চুৱালকাই আনকি পাঞ্জাৱটো নিজৰ সম্পৰ্কীয়ৰ নামত বহু সম্পত্তি ক্ৰয় কৰিছিল।

আৰক্ষীয়ে তেঁওৰ জালিয়াতিৰ বিষয়ে গম পোৱাত তেঁও আত্মীয়ৰ নামলৈ বহু সম্পত্তিৰ স্বত্বাধিকাৰ বদলি কৰিছিল। পিছে ইয়াৰ পিছতো আৰক্ষীৰ পৰা সাঁৰি যাব নোৱাৰিলে গোপাল চুৱালকা। ২০১৭ চনৰে পৰা ৰাজস্থান শিক্ষা বিভাগক প্ৰৱঞ্চনা কৰি কোটি কোটি টকা আত্মসাৎ কৰা গোপাল চুৱালকাক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

জিলা শিক্ষাবিষয়া গণেশ পাৰিকৰ এজাহাৰত ভিত্তিত প্ৰৱঞ্চক গোপাল চুৱালকাক গ্ৰেপ্তাৰ কৰি জেৰা চলোৱা হৈছে। জব্দ কৰা হৈছে তেঁওৰ পত্নীৰ বেংক একাউণ্ট। পিচে আৰক্ষীৰ মতে ইমান বৃহৎ পৰিমাণৰ জালিয়াতি শিক্ষা বিভাগৰ আন কৰ্মচাৰীৰ সহযোগ অবিহনে সংঘটিত কৰাটো অসম্ভৱ ।

Leave a Comment