প্ৰসংগ: আফগানিস্তানৰ শেহতীয়া পৰিস্থিতি

ইটালীৰ প্ৰধান মন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ টেলিফোনিক বাৰ্তালাপ
আফগানিস্তানৰ শেহতীয়া যি পৰিস্থিতিৰ সন্দৰ্ভত ইটালীৰ প্ৰধানমন্ত্ৰীৰ লগত টেলিফোনিক বাৰ্তালাপত মিলত হ’ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

ইটালীৰ প্ৰধানমন্ত্ৰী মাৰিঅ’ দ্ৰাঘিৰ সৈতে আফগানিস্তানৰ পৰিস্থিতি সন্দৰ্ভত দুয়ো নেতায়ে আলোচনা কৰে লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মিলিত প্ৰচেষ্টা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কে আলোচনা কৰে

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা এক তথ্য মতে, ইটালীৰ প্ৰধানমন্ত্ৰীগৰাকীৰ লগত হোৱা বাৰ্তালাপত আফগানিস্তানৰ পৰিস্থিতি তথা ইয়াৰ ফলত বিশ্বৰ লগতে আফগানিস্তানৰ ওপৰত কিদৰে প্ৰভাৱ পৰিব সেই বিষয়ে দুয়ো নেতাই আলোচনা কৰে।

এই আলোচনাতে কাবুল বিমান বন্দৰত যি আত্মঘাতী বিস্ফোৰণৰ ঘটনাক সংঘটিত হৈছিল এই কাৰ্যক গৰিহণা দিয়ে । লগতে কাবুলত আৱদ্ধ হৈ থকা লোকসকলক স্থানান্তৰ কৰাৰ ওপৰটো আলোচনা হয় দুয়োগৰাকী নেতাৰ মাজত।

উল্লেখ্য যে আফগানিস্তানৰ উন্নয়নৰ ফলত সৃষ্টি হোৱা মানৱীয় আৰু নিৰাপত্তা পুনৰ সংকটৰ মাজলৈ অহাত জি-২০ কে ধৰি আন্তঃৰাষ্ট্ৰীয় সমুদায়ৰ সহযোগিতাৰ বাবে গুৰুত্ব আৰোপ কৰিছে দুয়ো নেতাই। বৈঠকৰ পাছতে প্ৰধানমন্ত্ৰী মোডীয়ে এই বিষয়ে এক টুইটো কৰিছে।

Leave a Comment