দিল্লী কাৰাগাৰত হাই এলার্ট

দিল্লীৰ সকলো কাৰাগাৰতে হাই এলার্ট জাৰী ।দেশৰ ৰাজধানী নতুন দিল্লীৰ ৰোহিণী আদালতৰ কক্ষত গেংষ্টাৰ জিতেন্দৰ গ’গিক প্রতিদ্বন্দ্বী গেংষ্টাৰে গুলীয়াই হত্যা কৰাৰ পাছতে সষ্টম হৈ পৰিছে কৰ্তিপক্ষ ।

দিল্লীৰ সকলো কাৰাগাৰত হাই এলার্ট জাৰি কৰা হৈছে৷ গেংষ্টাৰ গ’গিক হত্যা কৰাত জড়িত থকা আন এগৰাকী গেংষ্টাৰ টিল্লু টাজপুৰীয়াৰ গোটৰ মাজত সংঘর্ষৰ সম্ভাৱনাৰ প্রতি লক্ষ্য ৰাখি কাৰাগাৰত নিৰাপত্তা বাহিনীক সষ্টম কৰি ৰখা হৈছে৷

উল্লেখ্য যে তিহাৰ কাৰাগাৰত বন্দী হৈ থকা জিতেন্দৰ গ’গিক আদালতত হাজিৰ কৰাৰ সময়ত তিহাৰ কাৰাগাৰতে বন্দী হৈ থকা গেংষ্টাৰ টিল্লু টাজপুৰীয়াৰ গোটে গুলীয়াই হত্যা কৰে৷ এই হত্যাৰ প্রতিশোধ ল’বলৈ গ’গিৰ গোটে টাজপুৰীয়াৰ ওপৰত আক্রমণ চলাব পাৰে বুলি তথ্য লাভ কৰিছে আৰক্ষীয়ে৷

নিৰাপত্তাৰ ক্ষেত্ৰত কৰা হৈছে কটকটীয়া । কাৰাগাৰত যাতে গেং ৱাৰ হ’ব নোৱাৰে তাৰ প্রতি লক্ষ্য ৰাখি কাৰাগাৰত নিৰাপত্তাৰক্ষীক সষ্টম হৈ থাকিবলৈ নির্দেশ দিয়া হৈছে৷

Leave a Comment