দিল্লীত গুলীয়াগুলী! নিহত ২ আক্ৰমণকাৰী

এক গুলিচালনৰ ঘটনাই জোঁকাৰি গৈছে দিল্লীৰ ৰোহিণী ক’ৰ্ট । বিয়লি ভাগতে সংঘটিত হৈছে এই গুলিচালনাৰ ঘটনা

দিল্লীত সংঘটিত হৈছে গুলীয়াগুলীৰ ঘটনা।
দিল্লীৰ ৰোহিণী ক’ৰ্টত সংঘটিত হৈছে এই গুলীয়াগুলীৰ ঘটনা। গেংষ্টাৰ জিতেন্দ্ৰকে ধৰি ২ আক্ৰমণকাৰী নিহত হৈছে ।এজন জ্যেষ্ঠ আৰক্ষী বিষয়াৰ মতে, জিতেন্দ্ৰক ২০২০ চনত দিল্লী আৰক্ষীৰ বিশেষ কোষে গ্ৰেপ্তাৰ কৰিছিল। কাউণ্টাৰ ইন্টেলিজেন্স দলে তেওঁক গুৰুগ্ৰামৰ আন তিনিজন সহযোগীৰ সৈতে গ্ৰেপ্তাৰ কৰিছিল ।

দিল্লীৰ ৰোহিণী জিলাৰ ৰোহিনী আদালতত গুলীচালনাৰ ঘটনা। গেংষ্টাৰ জিতেন্দ্ৰ ওৰফে গোগীক আদালতলৈ অনা হৈছিল আৰু সেই সময়তে অধিবক্তাৰ পোছাক পিন্ধা দুজন লোকে তেওঁৰ ওপৰত গুলীচালনা কৰে। আৰু লগে লগে ইপিনে এই আক্ৰমণৰ প্ৰত্যাক্ৰমণৰ প্ৰত্যুত্তৰ দিয়ে আৰক্ষীয়ে।

তাত উপস্থিত থকা আৰক্ষীয়ে গুলীচালনা কৰে যাৰ ফলত দুই আক্ৰমণকাৰীক নিহত হয়। জানিব পৰা মতে এই ঘটনাটোত গেংষ্টাৰ গোগীকে ধৰি মুঠ তিনিজন লোক নিহত হয়।

Leave a Comment