ধোনী সঁচাকৈ ধনী !

অৱসৰৰ পিছতো উপাৰ্জন হ্ৰাস হোৱা নাই ধোনীৰ। উপৰ্জনৰ ক্ষেত্ৰত ধোনীয়ে এতিয়াও বহু ডাঙৰ ক্ৰিকেটাৰতকৈ বহু আগত।

ক্ৰিকেট বিশ্বৰ আটাইতকৈ সফল অধিনায়কসকলৰ মাজৰ এজন তেওঁ। তেওঁৰ সফলতা আকাশচুম্বী। কিন্তু এতিয়া তেওঁ অৱসৰপ্ৰাপ্ত। তথাপি তেওঁক লৈয়েই এতিয়াও ইমান চৰ্চা।

ধোনীয়ে যোৱা বছৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল। তেওঁ এতিয়াও পৃথিৱীৰ দ্বিতীয় ধনী ক্ৰিকেটাৰ। এইটো আচৰিত যেন লাগিছে, কিন্তু সেয়া সঁচা।

ধোনীয়ে এতিয়াও বছৰত ৭৪ কোটি টকা উপাৰ্জন কৰে। কিন্তু ধোনীয়ে এতিয়া IPLৰ বাহিৰে আন কোনো ঠাইত ক্ৰিকেট খেলা নাই।

ধোনীয়ে CSKৰ পৰা ১৫ কোটি টকাৰ দৰমহা লাভ কৰিছিল। কিন্তু তেওঁৰ উপাৰ্জন ব্ৰেণ্ড এণ্ডোৰ্ছমেণ্টৰ পৰাহে বেছি।

উপাৰ্জনৰ ক্ষেত্ৰত এম এছ ধোনী শচীন তেণ্ডুলকাৰৰ ঠিক ওচৰে-পাজৰেই আছে।

Leave a Comment