ভয়াবহ মানৱীয় বিপৰ্যয়ৰ দিশে আফগানিস্তান।

আফগনিস্তান তালিবানৰ দখলৰ পিছতে দেশৰ পৰিস্থিতি ক্ৰমাৎ ভয়াবহ হৈ পৰিছে ।

ৰাষ্ট্ৰ সংঘৰ শৰণাৰ্থী সংস্থাই অধিক সংকট আহি থকা বুলি সতৰ্ক বাণী কৰিছে । ৰাষ্ট্ৰ সংঘৰ শৰণাৰ্থীৰ বাবে থকা উচ্চাযুক্ত ( UNHCR) ই তালিবানৰ আৰু আফগানিস্তানৰ অন্য সকলো পক্ষকে মানৱ অধিকাৰ ৰক্ষা ৰ বিষয়টোত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাইছে ।

বিশেষকৈ মহিলা আৰু কিশোৰী যুৱতী সকলৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে । মহিলা কিশোৰী সকলক বিপৰ্যয় সন্মুখলৈ ঠেলি নিদিবলৈ আহ্বান UNHCR ৰ ।

সংস্থাটোৱে জনোৱা মতে আফানিস্তানত ভয়াবহ সংকটৰ আৰম্ভণিহে মাত্ৰ এয়া।

দেশখনৰ ৩৯ নিযুত লোক বিপৰ্যয় সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। লক্ষণীয় ভাৱে চলিত বৰ্ষৰ        শেষলৈকে আফগানিস্তানৰ পৰা লক্ষাধিক লোকে আশ্ৰয় বিচাৰি অন্য দেশলৈ পলায়ন কৰিব পাৰে বুলি আশংকাও প্ৰকাশ কৰিছে শৰণাৰ্থী সংস্থাটোৱে ।

Leave a Comment