ৰাজ্যজুৰি স্মৰণ সুধাকণ্ঠক।

আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্মদিন।
ৰাজ্যজুৰি স্মৰণ সুধাকণ্ঠক।

আজি ৯৫ সংখ্যক জন্মবাৰ্ষিকী। যুগজয়ী শিল্পীগৰাকীৰ এই ওপজা দিনটোত সমগ্ৰ অসমবাসীয়ে গীত-মাত-কথাৰে তেওঁক স্মৰণ কৰিছে।

শিল্পীগৰকাৰীৰ গুণমুগ্ধ তথা অনুৰাগীসকলে তেওঁৰ জন্ম বাৰ্ষিকী আড়ম্বৰপূৰ্ণভাৱে পালন কৰিছে।
কোভিড কেন্দ্ৰিক পৰিস্থিতিৰ বাবে বিভিন্ন কঠোৰ নীতি-নিয়ম বাহাল আছে যদিও শিল্পীগৰাকীৰ অনুগৰাগীসকলে তেওঁক স্মৰণ কৰিবলৈ কোভিড নীতি নিয়ম পালন কৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে।

পুৱাৰ পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুখৰিত হৈছে মহান শিল্পীগৰাকীৰ কালজয়ী গীতেতে উল্লেখ্য যে ২০১১ চনৰ ৫ নৱেম্বৰত ভূপেন হাজৰিকাৰ মৃত্যুৰ পিচৰে পৰা ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে তেওঁৰ জন্ম দিনটোক সমন্বয় দিৱস হিচাপে পালন কৰি আহিছে। এইবাৰো ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে যুটীয়াভাৱে ‘ভাৰত ৰত্ন ভূপেন হাজৰিকা সংগ্ৰহালয়’ৰ প্ৰেক্ষাগৃহত অনুষ্টুপীয়াকৈ পালন কৰিব সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম দিন।

সমান্তৰাল ভাৱে জালুকবাৰীত থকা সুধাকণ্ঠৰ সমাধিক্ষেত্ৰত ৰাজ্য চৰকাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সুধাকণ্ঠক।

Leave a Comment