দুৰ্গাপূজা মণ্ডপত ‘খেলা হবে’

সমাগত শাৰদীয় দূৰ্গোৎসৱ । ভাৰতৰ বিভিন্ন স্থানত পূজা মণ্ডপ সজাৰ পৰিকল্পনা কৰিছে পূজা কমিটি সমূহে। আটক ধুনীয়াকৈ পূজা মণ্ডপ সমূহ সজাৰ ঘোষিত প্ৰতিযোগিতাত নামি পৰিব সকলো। কিন্তু বিগত বৰ্ষৰ দৰে নহয় এইবাৰ পশ্চিম বংগৰ পূজা মণ্ডপ সমূহ হ’ব বাতিক্ৰমী।

কাৰণ এইবাৰ পূজাত পশ্চিমবংগৰ মণ্ডপ প্ৰতিধনিত হৈছে তৃণমূল কংগ্ৰেছৰ বহু চৰ্চিত শ্ল’গান ‘খেলা হবে’
বিধান সভা নিৰ্বাচনৰ সময়ত জনপ্ৰিয় হোৱা শ্ল’গান এইবাৰ ধৰ্মীয় অনুষ্ঠান সমূহতো দেশা যাব।

কলকাতাকে ধৰি ৰাজ্যৰ কেইবাখনো জিলা ত এই শ্ল’গান জনপ্ৰিয় হৈ পৰিছে। ভৱানীপুৰ দুৰ্গাপূজা সমিতিৰ পূজা মণ্ডপত খেলা হবে থীম আৰম্ভ কৰা হৈছে।

দুৰ্গা পূজাটো শুনা যাব খেলা হবে শ্ল’গান ।
ক্ৰীড়াক শক্তিলৈ ৰূপান্তৰিত কৰিবলৈ এইবাৰ পূজাত এই শ্ল’গানটো লোৱা হৈছে।ইয়াত কোনো ৰাজনৈতিক ৰহণ নাথাকিব। মাত্ৰ খেলা হবেৰ জৰিয়তে ৰাজ্য খনৰ যুৱ চামক ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কৰা হ’ব ।

Leave a Comment