ৰাজ্যজুৰি ছবিঘৰ কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ

আজি ৰাজ্যজুৰি ছবিঘৰ কৰ্মচাৰী সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী।

ৰাজ্যৰ বিভিন্ন স্থানত ছবিঘৰ কৰ্মচাৰী সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে। চৰকাৰে জাৰীকৰা নতুন SOP অনুসৰি সকলো শিথিল কৰি দিয়া হৈছে । ইয়াৰ বিপৰীতে কিন্তু বৰ্তমানেও চৰকাৰে বন্ধ ৰাখিছে অসমৰ ছবিগৃহসমূহ।
ছবিগৃহসমূহ বন্ধ হৈ থকাৰ প্ৰতিবাদত দেওবাৰে সমগ্ৰ ৰাজ্যজুৰি ছবিগৃহ কৰ্মচাৰী সকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

গুৱাহাটীৰ অনুৰাধা ছবিগৃহ চৌহদত কৰ্মচাৰীৰ প্ৰতিবাদ। ঠিক একেদৰে যোৰহাটত, তেজপুৰত আনোৱাৰ ছবিগৃহ, স্মৃতি গোপাল ছবিগৃহ, শিৱসাগৰত ভাস্কৰজ্যোতি ছবিগৃহ, লখিমপুৰত বিশ্ব টকীজ ছবিগৃহ, তিনিচুকীয়াত ৰংঘৰ ছবিগৃহ আৰু বঙাইগাঁও জলি মেক্স ছবিগৃহৰ চৌহদতো প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। বিভিন্ন শ্লৌগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদ স্থলী । চৰকাৰে নতুন এছঅ’পি জাৰি কৰি ছবিগৃহসমূহ খোলাৰ অনুমতি প্ৰদান কৰাৰ দাবী প্ৰতিবাদকাৰীসকলৰ।

Leave a Comment