চীন-পাকিস্তানৰ বাবে বিপজ্জনক হ’ব IBG, পিছে কি এই IBG?

ভাৰতীয় সেনাৰ সাহসিকতাৰ কাহিনী সমগ্ৰ বিশ্বই জানে। ভাৰত-পাকিস্তানৰ যুদ্ধৰ পৰা শেহতীয়াভাৱে পাক-অধিকৃত কাশ্মীৰত সংঘটিত ছাৰ্জিকেল ষ্ট্ৰাইকলৈকে প্ৰতিটো দুঃসাহসিক অভিযানেই বিশ্বৰ আগশাৰীৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে। সময়ে সময়ে সমগ্ৰ বিশ্বই ভাৰতীয় সেনাৰ সাহসিকতা দেখি আহিছে।

বৰ্তমান ইজৰাইল, ৰাছিয়া, জাৰ্মানী, আমেৰিকাৰ দৰে বিশ্বৰ শক্তিধৰ দেশৰ বিশেষ কামাণ্ডোকো পিছ পেলাই ভাৰতীয় মাৰ্ক’জ কামাণ্ডোৱে বিশ্বৰ ভিতৰতে প্ৰথম স্থান দখল কৰিছে। ভাৰতীয় সেনাই আহিবলগীয়া সময়ত আৰু অধিক শক্তিশালীভাৱে সাজু হ’বলৈ গৈ আছে। পৰৱৰ্তী ডেৰ-দুই মাহৰ ভিতৰত সেনাই এটা সুন্দৰ গোট গঠন কৰাৰ প্ৰস্তুতি চলাইছে, যি প্ৰয়োজন হ’লে প্ৰতিটো সম্ভাব্য পৰিস্থিতিৰ বাবে সাজু হ’ব পাৰিব।

এই গোটৰ জোৱানসকলে আদেশ পালেই  যিকোনো সামৰিক পদক্ষেপ ল’বলৈ সক্ষম হ’ব। দৰাচলতে, ভাৰতীয় সেনাই সৈনিকৰ এটা গোট গঠন কৰাৰ প্ৰস্তুতি চলাই আছে, যি যুদ্ধক্ষেত্ৰত এটা  আদেশত কামান, টেংক আৰু হেলিকপ্টাৰেৰে প্ৰতিটো অভিযান নিখুঁতভাৱে চলাব পাৰিব। ভাৰতীয় সেনাই আইবিজি(IBG) অৰ্থাৎ ইণ্টিগ্ৰেটেড বেটেল গ্ৰুপ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

আইবিজি গঠনৰ পিছত ভাৰতৰ যুদ্ধ কৌশলত এটা ডাঙৰ পৰিৱৰ্তন দেখা যাব। সমন্বিত যুদ্ধ গোটটোত ৮০০০ৰ পৰা ১০,০০০ জোৱান থাকিব। তেওঁলোকে যিকোনো পৰিস্থিতিত সামৰিক পদক্ষেপৰ বাবে সাজু থাকিব। দলটোৰ ওচৰত হেলিকপ্টাৰ, টেংক আৰু কামানৰ দৰে অস্ত্ৰ থাকিব।

ভাৰতীয় সেনাই আইবিজি গঠনৰ প্ৰক্ৰিয়াত বহুদূৰ আগবাঢ়িছে। প্ৰতিটো একত্ৰিত যুদ্ধ গোটত ৮ৰ পৰা ১০ হাজাৰ সৈনিক থাকিব। দলটোক হেলিকপ্টাৰ, কামান, টেংক, সংকেত প্ৰণালী আৰু আধুনিক অস্ত্ৰৰে সজ্জিত কৰা হ’ব। ভাৰতীয় সেনাই ২ বছৰ আগতে আধুনিক যুদ্ধৰ বাবে নিজকে প্ৰস্তুত কৰা আৰম্ভ কৰিছিল, আইবিজিৰ আৰম্ভণি ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰখনত এটা ডাঙৰ পদক্ষেপ।

বৰ্তমান প্ৰক্ৰিয়াত যেতিয়া যুদ্ধকালীন পৰিস্থিতি হয়, তেতিয়া বিভিন্ন ৰেজিমেণ্ট একত্ৰিত কৰা হয়। ইয়াৰ বাবে দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে যাব লগা হয়। ইয়াত বহু সময়ৰো প্ৰয়োজন হয়। কিন্তু আইবিজি গঠন হোৱাৰ পিছত এই সমস্যাটো সমাধান কৰা হ’ব। জোৱানসকল এটা নিৰ্দেশতে পলকতে একত্ৰিত হ’ব। সেনাত মেজৰ জেনেৰেল পৰ্যায়ৰ বিষয়াই আইবিজিক নিৰ্দেশ দিব আৰু তৎক্ষণাত আকাশৰ পৰা মাটিলৈকে সকলো ক্ষেত্ৰতে আইবিজিৰ জোৱান শত্ৰুক আঘাত হানিবলৈ সাজু হ’ব।

ভাৰতীয় সেনাই আইবিজিক মূলতঃ উত্তৰ ভাৰত আৰু উত্তৰ-পূব ভাৰতত দুটা গোটত বিভক্ত কৰি সৃষ্টি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। উত্তৰ ভাৰতৰ আই বি জিয়ে পাকিস্তানৰ লগতে চীনৰ পৰা ভাৰতৰ সুৰক্ষাৰ ক্ষেত্ৰত সদা সষ্টম হৈ থাকিব। একেদৰে উত্তৰ-পূব ভাৰতৰ চীন সীমান্তৰ সুৰক্ষাৰ বাবেও অসম, অৰুণাচল আৰু ছিকিমক সামৰি আইবিজিৰ এটা নতুন গোট গঠন কৰা হ’ব। আইবিজি গঠনৰ লগে লগে ভাৰতীয় সেনাবাহিনীৰ শক্তি পূৰ্বৰ তুলনাত দুগুণে বৃদ্ধি পাব।

Leave a Comment