অনিৰ্দিষ্ট কাললৈ বন্ধ নিমাতী-মাজুলীৰ মাজৰ ফেৰী সেৱা ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত বানৰ তাণ্ডব।

পুনৰ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ
ভদীয়া বানত জলমগ্ন হৈ পৰিছে নিমাতী ঘাট। লুইতৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হৈছে ফেৰী সেৱা।

কেইবাদিনো ধৰি প্ৰবল বৃষ্টিপাতৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে যাৰবাবে ৰাজ্যখনৰ বহু অঞ্চল প্লাবিত হৈ পৰিছে। বহু পৰিয়ালৰ ঘৰ, মাটি বাঢ়নী পানীৰ কবলত
সেইদৰে বাঢ়নী পানীৰ কবলত পৰিছে নিমাতী ঘাট।

ইতিমধ্যে বাঢ়নি পানীয়ে বুৰাই পেলাইছে নিমাতী ঘাটৰ লগতে কাষৰীয়া অঞ্চলসমুহ।

উল্লেখযোগ্য যে পানী বাঢ়ি থকাৰ বাবে নিমাতী-মাজুলীৰ মাজৰ ফেৰী সেৱা অনিৰ্দিষ্ট কাললৈ বন্ধ হৈ পৰিছে।

অৱশ্যে বিপদ সীমাৰ ওপৰেদি পানী বৈ আছে যদিও বৰ্তমান পানী কিছু কমিবলৈ লৈছে বুলি জানিবলৈ দিছে জলপৰিবহন বিভাগে ।

Leave a Comment