কন্যা সন্তান জন্ম দিয়াৰ আনন্দ

কন্যা সন্তান জন্ম দিয়াৰ আনন্দ ঘটনা মধ্যপ্ৰদেশৰ ।

এগৰাকী ব্যক্তিৰ পত্নীয়ে কন্যা সন্তান জন্ম দিয়াৰ বাবে আনন্দিত হোৱা দেখা গৈছে
মধ্যপ্ৰদেশৰ ভূপালত গুপ্তা নামৰ এগৰাকী পানীপুৰি বিক্ৰেতাই তেওঁৰ পত্নীয়ে কন্যা সন্তান জন্ম দিয়াৰ আনন্দত বিনামূলীয়াকৈ ৫০ হেজাৰ ফুচকা বিতৰণ কৰে। দীৰ্ঘসময়ৰ পিচত পৰিয়ালটোত এগৰাকী কন্যা সন্তান জন্ম হোৱাত উৎফুল্লিত হৈ পৰে ব্যক্তি জন। ভূপালৰ কলাৰোডৰ পানীপুৰি বিক্ৰেতাজনে ওচৰ-চুবুৰীয়াক ৫০ হেজাৰ ফুচকা বিনামূলীয়াকৈ বিতৰণ কৰে।

বিগত ১৭ আগষ্টত কন্যা সন্তান গৰাকীৰ জন্মৰ পিছত অঞ্চলটোত গুপ্তাই পত্নী আৰু পৰিয়ালৰ আন সদস্যসকলৰ পৰামৰ্শমতে এদিন বিনামূলীয়াকৈ পানীপুৰি বিলোৱাৰ সিদ্ধান্ত লয়। সেই কথা মতেই, সোমবাৰে দুপৰীয়া ১ বজাৰ পৰা আবেলি ৬ বজালৈ তেওঁৰ দোকানলৈ অহা প্ৰতিজন গ্ৰাহককে বিনামূলীয়াকৈ ফুচকা খুৱায়। উল্লেখ্য যে বিগত ১৪ বছৰে গুপ্তাই পানীপুৰি বিক্ৰী কৰি আহিছে।

Leave a Comment